নিউজ ডেস্ক। এগৰাকী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীৰে অসম আৰক্ষীৰ কাষ চাপিল কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতা। দাখিল কৰিলে এজাহাৰ।
দৰাচলতে ভাৰতীয় সেনাই পাকিস্তানত কৰা ছাৰ্জিকেল ষ্ট্রাইকক লৈ প্ৰশ্ন উত্থাপন কৰা তেলেংগানাৰ মুখ্যমন্ত্রী চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে এই পদক্ষেপ ল’লে বিজেপি বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীয়ে একাংশ দলীয় নেতা-কৰ্মীক লগত কমলপুৰ থানাত দাখিল কৰে এজাহাৰ।
বিধায়ক দিগন্ত কলিতাৰ দাবী- সেনাৰ সফল ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন উত্থাপন কৰি সেনাবাহিনীক অপমানিত কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

সেয়ে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে কাষ চাপে অসম আৰক্ষীৰ।
এই সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা লয়, সেয়াহে লক্ষণীয় হ’ব।