অসম

এইবাৰ মহানগৰীত বঙালী ভাষাৰ ওপৰত ক’লা ৰং সানিলে বীৰ লাচিত সেনাই…

নিউজ ডেস্ক। বৰাক উপত্যকাত অসমীয়া ভাষাৰ বেনাৰৰ ওপৰত ক’লা ৰং সানি দিয়া ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া।

ইয়াৰ মাজতে এইবাৰ বীৰ লাচিত সেনাই গুৱাহাটী মহানগৰীত ফলকত থকা বঙালী ভাষাৰ ওপৰত সানিলে ক’লা ৰং।

বৰ্ষাপাৰাত থকা বঙালী ভাষাৰ ফলকত ক’লা ৰং সানি দি বীৰ লাচিত সেনা অসমৰ কৰ্মীসকলে অসমত কেতিয়াও অসমীয়া ভাষাক অপমান কৰা সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বীৰ লাচিন সেনা অসমৰ কৰ্মকৰ্তাই কয়- বৰাকত চৰকাৰী বেনাৰত থকা অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি বঙালীভাষী লোকসকলে ১৯৬৩ৰ ভাষা আইনক উপলুঙা কৰিছে গতিকে এনেধৰণৰ কাৰ্য্য অসমত কেতিয়াও সহ্য কৰা নহ’ব।

আনহাতে অসমত বীৰ লাচিত সেনা অসম থকালৈকে কেতিয়াও বঙালী, বিহাৰী, মাৰোৱাৰীৰ দাদাগিৰি নচলিব বুলিও বীৰ লাচিন সেনা অসমৰ কৰ্মকৰ্তা সকলে হুংকাৰ দিয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে শিলচৰ চহৰত থকা চৰকাৰী বেনাৰৰ অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সানি দিছিল দুৰ্বৃত্তই।

লগতে চাওকঃ পেট্ৰ’ল ৪੦੦ টকা লিটাৰ হ’লে বাইকৰ ওপৰত ছাদ ৰাখিব পাৰিবনে? ভবেশ কলিতালৈ প্ৰশ্ন বিশিষ্ট কবি কুমাৰ বিশ্বাসৰ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button