অসম

এইবাৰ কলেজে কলেজে বাইক দিব চৰকাৰে, ৰাজ্যৰ ১৮১খন মহাবিদ্যালয়লৈ এখনকৈ বাইক উপহাৰ

ৰাজ্যৰ একাংশ মহাবিদ্যালয়লৈ এইবাৰ ৰাজ্য চৰকাৰে আগবঢ়াব এক বিশেষ উপহাৰ।

এইবাৰ কলেজে-কলেজে বাইক প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

ৰাজ্যৰ ১৮১খন মহাবিদ্যালয়লৈ এখনকৈ বাইক উপহাৰ ৰাজ্যচৰকাৰৰ।

CSR পুঁজিৰ জৰিয়তে ২০২১-২২ বৰ্ষৰ বাবে দিয়া হ’ব বাইক।

বৰপেটাৰ এম চি কলেজ, বিএইচ কলেজ, নৱজ্যোতি কলেজ, বাপুজী কলেজ, বৰনগৰ কলেজকে ধৰি ১১ খন কলেজলৈ বাইক সমূহ যোগান ধৰিছে দিশান মটৰচ নলবাৰীয়ে।

একেদৰে বিশ্বনাথৰ ৪ খন কলেজলৈ বাইক যোগান ধৰিছে তেজপুৰৰ ভি কিং মটৰচে।

বঙাইগাঁও ৪ খন কলেজত প্ৰো মটৰ বঙাইগাঁওয়ে, কাছাৰৰ ১০ খন কলেজক টিপকো এন্টাৰ প্ৰাইজ প্ৰাইভেট লিমিটেল গুৱাহাটীয়ে যোগান ধৰিছে বাইক।

কামৰূপ মহানগৰৰ আৰু গ্ৰাম্যৰ প্ৰায় ২২ খন কলেজক বি আৰ ব্ৰিজি মোহন এন চনচ প্ৰাইভেচ লিমিটেড আৰু দিশান মটৰচ নলবাৰীয়ে বাইক সমূহ যোগান ধৰিছে।

আনহাতে চৰাইদেউৰ ২ খন কলেজক ভূঞা অটোমোবাইল শিৱসাগৰে, দৰঙৰ ৩ খন কলেজক শ্ৰী সাই মটৰত মঙলদৈ, ধেমাজিৰ ৭ খন কলেজক তেজপুৰৰ ভি কিং মটৰচে, ধুবুৰীৰ ৭ খন কলেজক ক্ৰমে দিশান মটৰচ নলবাৰী, শ্ৰী সাই মটৰচ মঙলদৈয়ে যোগান ধৰিছে বাইক।

যি সময়ত চৰকাৰৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে দান বৰঙণি বিচাৰিব লগা অৱস্থা হৈছে তেনে সময়ত চৰকাৰৰ এই সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।

কোটি টকা ব্যয় কৰি এই আঁচনিৰ জৰিয়তে চৰকাৰে কিহৰ বাবে বাইক যোগান ধৰিছে সেয়াও এতিয়া সাধাৰণ লোকৰ মনত এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে।

চি এছ আৰ ধন মহাবিদ্যালয় সমূহলৈ দিয়াটো ভাল কথা। কিন্তু সেই ধনেৰে মহাবিদ্যালয়ৰ আন্ত গাঠনি উন্নতকৰণ, ক্লাছৰুম নিৰ্মাণ, কম্পিউটাৰ ক্ৰয় আদি বিভিন্ন কাম কৰাৰ থল আছিল।

তাকে নকৰি একাংশ বাইক ডিলাৰক সন্তুষ্ট কৰি কাৰোবাৰ কমিছনৰ অংকত চি এছ আৰ ফাণ্ডৰ নামত এনেদৰে অনাবশ্যকীয় ভাৱে মহাবিদ্যালয় সমূহলৈ বাইক দিয়া হৈছে নেকি সেয়াও এক বিশ্বাৰ্য বিষয়।

Related Articles

Back to top button