
নিউজ ডেস্কঃ জুন মাহৰ প্ৰচণ্ড গৰমৰ দিনত কাম কৰা নাছিল ৰে’লৰ ডবাৰ এচি। যাৰ বাবে শাৰীৰিক-মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱা এগৰাকী যাত্ৰীক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ আদায় দিবলগীয়া হ’ল ৰে’ল কৰ্তৃপক্ষই।
ৰে’লৰ ডবাৰ এচি কাম নকৰাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীজনে আইনী যুঁজৰ সন্মুখীন হোৱাৰ পিছতে গ্ৰাহক সুৰক্ষা আয়োগে ৰে’ল কৰ্তৃপক্ষক এই ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়ে।
দৰাচলতে ২০১৭ চনৰ জুন মাহত সংঘটিত হৈছিল এই ঘটনা।
শিৱশংকৰ ৰামশৃংগাৰ শুক্লাই বুক কৰিছিল দূৰন্ত এক্সপ্ৰেছ এচি ফাৰ্ষ্ট ক্লাছৰ টিকট।
ৰে’লখনে মুম্বাইৰ পৰা নিৰ্দিষ্ট সময়ত যাত্ৰা আৰম্ভ কৰাৰ পিছতে শুক্লাই জানিব পাৰে যে তেওঁৰ কোঠাৰ এচিটোৱে কাম কৰা নাই।
শুক্লা আৰু অন্যান্য যাত্ৰীসকলে ৰেলত উপস্থিত থকা টিকট পৰীক্ষকক সেই কথা অৱগত কৰাত ৰে’ল কৰ্তৃপক্ষই তদন্ত কৰি এচিৰ গেছ পাইপ লিক হোৱা বুলি জানিবলৈ দিয়ে আৰু শীঘ্ৰে তাৰ মেৰামতি কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।
ৰে’লখনে যাত্ৰা কৰাৰ সময়তে কৰ্তৃপক্ষই মাজ বাটৰ দুটা ষ্টেচনত ৰে’লখন ৰখাই এচি ঠিক কৰাৰ চেষ্টা কৰে। কিন্তু বিফল হয়।
ইফালে জুন মাহৰ ৪০ ডিগ্ৰী তাপমাত্ৰাৰ দেহা দেই নিয়া দিনটোত এচি ৰুমৰ খিৰিকী খোলাৰো কোনো সুবিধা নথকাত তীব্ৰ অস্বস্তিৰ সন্মুখীন হয় শুক্লা আৰু আন আন যাত্ৰীসকল।
ইয়াৰ পিছতে শিৱশংকৰ ৰামশৃংগাৰ শুক্লাই এলাহাবাদত ৰে’লৰ পৰা নামি পৰৱৰ্তী সময়ত মুম্বাইলৈ উভতি অহাৰ পিছত গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপে।
তেওঁ শিৱাজী মহাৰাজ টাৰ্মিনাছৰ জেনেৰেল মেনেজাৰৰ বিৰুদ্ধে ছাত্ৰপতিয়ে গাফিলতিৰ এজাহাৰ দাখিল কৰে।
গ্ৰাহক সুৰক্ষা আয়োগৰ শুনানিত ক্ষতিপূৰণৰ প্ৰশ্ন উত্থাপন হয়। অৱশ্যে ৰে’লৱেৰ দাবী, এচিৰ প্ৰথম শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ কোঠাত ক্ষতিপূৰণৰ নিৰ্দেশ দিয়াৰ কোনো আইনী কৰ্তৃত্ব আয়োগৰ নাই।
ৰে’লৱেই লগতে জনায় যে যাত্ৰীগৰাকীয়ে ২০ ঘণ্টাৰ ভিতৰত টিকটৰ মূল্য ঘূৰাই দিবলৈ আৱেদন কৰা নাছিল।
অৱশ্যে গ্ৰাহক সুৰক্ষা আয়োগৰ মুম্বাই শাখাই স্পষ্ট কৰি দিয়ে যে সকলো ৰে’ল সেৱা যাতে চলি আছে সেয়া নিশ্চিত কৰাটো ৰে’লৱেৰ দায়িত্ব।
আয়োগে যাত্ৰীজনৰ কথাত সন্মতি প্ৰকাশ কৰি শিৱশংকৰ ৰামশৃংগাৰ শুক্লা আৰু তেওঁৰ সতীৰ্থ যাত্ৰীসকলে সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক হাৰাশাস্তিৰ বাবে ৩৫ হাজাৰ টকা আৰু ৰে’লৱেৰ বিৰুদ্ধে মামলাৰ খৰচৰ বাবে অতিৰিক্ত ১৫ হাজাৰ টকা ৰে’লৱেক ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে।