fbpx
অসমীয়াঅসম

উদ্বেগজনক তথ্য! হতাশা বৃদ্ধিৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ, শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে এই তথ্য…

নিউজ ডেস্কঃ বায়ু প্ৰদূষণে প্ৰভাৱ পেলায় শৰীৰৰ ওপৰত। সেয়া সকলোৱে জানে।

কিন্তু বায়ু প্ৰদূষণৰ বাবে হতাশাতো ভুগিব পাৰে লোক। শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে আমেৰিকা মেডিকেল এছ’চিয়েশ্যনৰ দ্বাৰা প্ৰকাশিত জেএএমএ নেটৱৰ্ক অ’পেনত।

জাৰ্ণালখনত বায়ু প্ৰদূষণৰ বিষয়ে শেষতীয়াকৈ প্ৰকাশিত গৱেষণাত দাবী কৰা হৈছে বায়ু প্ৰদূষণো হতাশা বৃদ্ধিৰ এক অন্যতম কাৰণ।

আনহাতে এই প্ৰদূষণৰ প্ৰভাৱত মানুহৰ চিন্তা কৰাৰ শক্তি হ্ৰাস পায় বুলিও দাবী কৰা হৈছে প্ৰতিবেদনত।

শুকুৰবাৰে জেএএমএ নেটৱৰ্ক অ’পেনত প্ৰকাশিত নতুন অধ্যয়নটোৰ সহ-লেখক ডাঃ জিনে কিউৱে কয় যে, দীৰ্ঘসময় ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শত থকা লোক সকলৰ মাজত হতাশাৰ উৎপত্তি দেখিবলৈ পোৱা যায়। লগতে তেওঁলোকৰ চিন্তা শক্তিও হ্ৰাস পোৱা পৰিলক্ষিত হয়।

গৱেষকসকলে মেডিকেয়াৰৰ জৰিয়তে স্বাস্থ্য বীমা লাভ কৰা ৮৯ লাখতকৈ অধিক লোকৰ তথ্য বিশ্লেষণ কৰে।

য’ত এই কথা স্পষ্ট হৈ পৰে যে ২০০৫ চনৰ পৰা ২০১৬ চনলৈকে অধ্যয়নৰ সময়ছোৱাত ১.৫২ মিলিয়নতকৈ অধিক লোকৰ পিছৰ জীৱনত হতাশা ধৰা পৰিছিল।

অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ প্ৰদূষণৰ সংস্পৰ্শ নিৰ্ণয় কৰিবলৈ ডা০ কিউ আৰু তেওঁৰ সহ-লেখকসকলে হতাশাত আক্ৰান্ত হোৱা প্ৰতিজন লোকে ক’ত বাস কৰে তাৰ পৰ্যবেক্ষণ কৰে আৰু প্ৰতিটো জিপ ক’ডত প্ৰদূষণৰ সংস্পৰ্শ নিৰ্ণয় কৰিবলৈ মডেল তৈয়াৰ কৰে।

গৱেষকসকলে অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ তিনি ধৰণৰ বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ ওপৰত চকু ৰাখিছিল- মিহি কণাযুক্ত পদাৰ্থ, যাক পিএম২.৫ বা কণা প্ৰদূষণ বুলিও কোৱা হয়; নাইট্ৰজেন ডাই অক্সাইড; আৰু অ’জন।

এই গৱেষণাৰ জৰিয়তে এয়া স্পষ্ট হৈ পৰে যে হাতাশাত ভুগা অধিকাংশ লোকেই প্ৰদূষিত এলেকাৰ বাসিন্দা।

উল্লেখ্য যে, ভাৰততো মূল চহৰসমূহত বৰ্তমান তীব্ৰ সমস্যাৰ কাৰণ হৈ পৰিছে বায়ু প্ৰদূষণ। দিল্লী, মুম্বাই, কলকতা, হায়দৰাবাদ আদি চহৰতসমূহত বায়ু প্ৰদূষণে ভীষণভাৱে ক্ষতি কৰি আহিছে চহৰবাসীৰ স্বাস্থ্যৰ।

লক্ষণীয়ভাৱে শেহতীয়াকৈ বায়ু প্ৰদূষণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতো।

বিগত কিছু দিনত বিষাক্ত হৈ পৰা গুৱাহাটী মহানগৰীৰ বায়ুৱে চহৰবাসীৰ স্বাস্থ্যৰ ক্ষতি কৰিব সেয়া নিশ্চিত। কিন্তু ইয়াৰ সমান্তৰালভাৱে মানসিক স্থিতিৰ ওপৰতো প্ৰভাৱ পেলাব, সেই তথ্য গৱেষণাৰ জৰিয়তে পোহৰলৈ অহাৰ পিছতে উদ্বিগ্ন কৰিছে সকলোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!