উত্তৰ লখিমপুৰ কলেজৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন…

উত্তৰ লখিমপুৰ কলেজৰ বিতৰ্কিত অধ্যক্ষক নিলম্বন।
উচ্চ শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰিলে বিমান চন্দ্ৰ চেতিয়াক।
আনহাতে মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে দায়িত্ব অৰ্পন কৰা হৈছে ৰঞ্জন কুমাৰ বৰাক।
অধ্যক্ষগৰাকীক নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে।
উল্লেখ্য যে, অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই এগৰাকী যুৱতীৰ লগত ফেচবুক মেছেঞ্জাৰ আৰু ৱাটছএপত যৌন গন্ধী বাৰ্তালাপ কৰাৰ কেতবোৰ স্ক্ৰীণ শ্ব’ট সম্প্ৰতি ভাইৰেল হৈ পৰিছে।
যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাই ঘটনাটোৰ তদন্ত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অধ্যক্ষ গৰাকীৰ পুত্তলিকা দাহ কৰিছিল।
ইয়াৰ পিছতে নিলম্বন কৰা হয় অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক।