নিউজ ডেস্কঃ সংবিধান প্ৰণিত একতা আৰু সাৰ্বভৌমত্বৰ ভাৰতভূমিৰে এক গুৰুত্বপূৰ্ণ অংগ হৈও উত্তৰ-পূব ভাৰতৰ লোকসকল বহুসময়ত মূলসুঁতিৰ পৰা উপেক্ষা আৰু অৱজ্ঞাৰ সন্মুখীন হৈ আহিছে।
ভৌগোলিক কাৰণত দেহৰ গঠনৰ কিছু পৰিবৰ্তনৰ বাবে উত্তৰ পূবৰ লোকসকলত সাধাৰণতে ‘চাইনিজ’ বুলি ধাৰণা কৰা হয় নাইবা ম’ম’, চিংকি আদি নামৰে সম্বোধন কৰা হয়।
শিক্ষা, সাহিত্য, সংগীত আদি বিভিন্ন ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সমানে আগ বাঢ়িছে যদিও এই ধাৰণাৰ অন্ত পৰা নাই।

নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইনমাই এটা ৰাজহুৱা ভাষণত এই বিষয়টো উত্থাপন কৰি ‘সৰু চকু’ থকাৰ লাভালাভৰ বিষয়ে ৰগৰ কৰে।
তেওঁৰ মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে তেওঁৰ ৰসিকতাক বহুতে প্ৰশংসা কৰিছে। ভিডিঅ’টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শ্বেয়াৰ কৰিছে।

ৰাজ্যখনৰ উচ্চ শিক্ষা আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি টেমজেন ইনমাই কয় যে মানুহে প্ৰায়ে কয় যে উত্তৰ-পূবৰ লোকসকলৰ চকু সৰু। তেওঁ কয়, ‘আমাৰ চকু সৰু, কিন্তু আমাৰ দৃষ্টি শক্তি তীক্ষ্ণ।’
लोग कहते हैं कि पूर्वोत्तर के लोगों की आँख छोटी होती है। पर छोटी आँख होने के फायदे भी हैं…
— Shubhankar Mishra (@shubhankrmishra) July 8, 2022
सुनिए नागालैंड बीजेपी के अध्यक्ष तेमजेन इमना अलॉन्ग को। #Nagaland #BJP #temjenimnaalong pic.twitter.com/34XZ1aMxVa
তাৰ পিছত তেওঁ সৰু চকু হোৱাৰ সুবিধা সন্দৰ্ভত ধেমেলীয়া সুৰেৰে কয়, “যিহেতু মোৰ চকু সৰু, মোৰ চকুত কম লেতেৰা প্ৰৱেশ কৰে। লগতে, কিছু দীঘলীয়া কাৰ্যসূচী চলি থাকিলে মই মঞ্চত সহজে শুব পাৰো।”
ভিডিঅ’টো শ্বেয়াৰ কৰি কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়ে ইনমাৰ ৰসিকতা আৰু কথাৰ গভীৰতাৰ প্ৰশংসা কৰিছে।
বৰ্ণবাদৰ দৰে এটা সংবেদনশীল বিষয় তেওঁ হাস্যৰসৰ জৰিয়তে সাৱলীলভাবে উত্থাপন কৰাৰ কৌশলক সকলোৱে প্ৰসংশা কৰিছে।
লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল
