উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ দিন ঘোষণা মাধ্যমিক শিক্ষা পৰিষদৰ।
১৬ আগষ্টৰ পৰা আৰম্ভ হ’ব অনলাইন নামভৰ্তিৰ আবেদন প্ৰক্ৰিয়া।
অনলাইন আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট।
বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে এক জাননীযোগে এই কথা ঘোষণা কৰে।
শিক্ষা প্ৰতিষ্ঠানসমূহে অহা ৫ ছেপ্টেম্বৰৰ ভিতৰত বিভাগ অনুসৰি শিক্ষাৰ্থীৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিব বুলিও জাননীত উল্লেখ আছে।
ইয়াৰ পূৰ্বে, অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে সকলো চৰকাৰী বা বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক প্ৰতিষ্ঠানসমূহে আৱেদনসমূহ প্ৰাপ্ত কৰিবলৈ পৰ্টেলত নিজকে পঞ্জীয়ন কৰিব লাগিব। শিক্ষাৰ্থীসকলেও তেওঁলোকৰ ৰোল নম্বৰৰ সৈতে পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব।
www.darpan.ahseconline.in or www.ahsec.assam.gov.in নামৰ পৰ্টেলত গৈ প্ৰতিষ্ঠান সমূহে নিজৰ ডিটেইলছ প্ৰদান কৰি প্ৰফাইল বনোৱাৰ সময়সীমা ১৩ আগষ্টৰ বিয়লি ৪ বজালৈকে বৃদ্ধি কৰা হৈছে।









