ইণ্টাৰনেট কৰ্তন অবিহনে আজি ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ অন্তিমটো পৰীক্ষা…

ৰাজ্যচৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ আজি অন্তিমটো দিন।

আজি অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ অন্তিমটো পৰীক্ষা।

৮৭টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

কিন্তু আজিৰ পৰীক্ষাৰ সময়ত পূৰ্বৰ দৰে কৰ্তন কৰা নহয় ইন্টাৰনেট সেৱা।

উল্লেখ্য যে যোৱা ২১ আগষ্টত অনুষ্ঠিত হৈছিল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা।

পূৰ্বৰ দুয়োটি পৰীক্ষাতেই কৰ্তন কৰা হৈছিল ইন্টাৰনেট সেৱা।

গাড়ী চালকৰ প্ৰায় ৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হ’ব এই লিখিত পৰীক্ষা।

পৰীক্ষাত অৱতীৰ্ণ হ’ব প্ৰায় ৭০ হাজাৰ প্ৰাৰ্থী।