ৰাষ্ট্ৰীয়

আৰক্ষী থানাত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল ২৫ খনকৈ বাহন…

গুজৰাটৰ খেড়া জিলাত নিশা খেড়া আৰক্ষী থানাত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাম্ডৰ ফলত থানা কেম্পাছত থকা ২৫ খনকৈ বাহন জ্বলি চাই হয়।

এই ২৫ খন বাহনৰ ভিতৰত অটো ৰিক্সা, মটৰচাইকেল, সৰু বৰ বাহন আদি আছিল।

আৰক্ষীৰ বাহনৰ লগতে কোন ঘটনা সম্বন্ধে আৰক্ষী থানাত থকা বাহনো সেই অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হৈ যায়।

ঘটনা সম্পৰ্কে খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰে।

পিছে এই ভয়ংকৰ অগ্নিকাণ্ড কেনেকৈ হ’বলৈ পালে সেই সম্পৰ্কে কোনো তথ্যা লাভ কৰিব পৰা হোৱা নাই।

এই অগ্নিকাণ্ডটোত বহু কেইখন বাহন জ্বলিগলেও কোনো লোক হতাহতি হোৱা নাই।

সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰক্ষী থানা খনৰ সকলো লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *