আৰক্ষী অধীক্ষকৰ সন্মিলনঃ মুখ্যমন্ত্ৰী-আৰক্ষীৰে একেৰাহে ১৮ ঘন্টা ধৰি চলিল বৈঠক…

দুলীয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ বিশেষ সন্মিলনৰ প্ৰথমটো দিনত আৰক্ষী অধীক্ষক সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পুৱতি নিশা ৪ বজালৈ একেৰাহে ১৮ ঘন্টা ধৰি চলিল বৈঠক।
টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে এই কথা।
উল্লেখ্য যে, অসম আৰক্ষীত সংস্কাৰ সাধনৰ লক্ষ্যৰে দুলীয়াজানত দুদিনীয়াকৈ অনুষ্ঠিত সন্মিলনত ৰাজ্যখনৰ ৩৪খন জিলাক প্ৰতিনিধিত্ব কৰা প্ৰায় ১২৮ গৰাকী আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰিছে।
আৰক্ষী জনসাধাৰণৰ প্ৰতি অধিক দায়বদ্ধ হোৱা, শূন্য সহনশীল নীতিৰে সকলো অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱা, অসম আৰক্ষীয়ে অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজন নিশ্চিত কৰা, ১০ মে’ৰ ভিতৰত অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা প্ৰক্ৰিয়াৰ পৰা ওলাই আহি আৰক্ষী বিভাগত পৰ্যাপ্ত মানৱ সম্পদ নিয়োগ কৰি বিভাগটোক শক্তিশালী কৰা আদি বিষয়সমূহ নিশাৰ সভাত আলোচনা কৰা হয়।
ইফালে বৈঠকৰ লগতে সোমবাৰে নিশা এক নৈশ আহাৰৰ আয়োজন কৰা হয়।
মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, কবি-সাহিত্যিকৰ লগতে চাহ বাগিচাৰ মালিকসকল এই নৈশ আহাৰত উপস্থিত থাকে।
ইয়াৰোপৰি, নৈশ আহাৰত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱনসিং ঘাটোৱাৰ।
ইয়াকেলৈ এতিয়া সৰব চৰ্চা চলিছে বিভিন্ন ৰাজনৈতিক মহলত।
First Day of SPs Conference, started at 10.30 am yesterday, has ended just now,at 4 am
— Himanta Biswa Sarma (@himantabiswa) January 3, 2022
This 18 hour-long marathon was intense,with detailed presentations by SPs/Addl SPs.
We stand committed to provide a technologically advanced,citizen friendly Police force to our people pic.twitter.com/t8sJLdVk8b