আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা কুখ্যাত গঁড় চিকাৰী নালকোৰ মৃতদেহ উদ্ধাৰ।
বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে চোৰাং চিকাৰী আচমত আলী ওৰফে নালকোৰ মৃতদেহ৷
বিশ্বনাথঘাটৰ পশ্চিম-দক্ষিণ দিশৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰৰ পানীত বিশ্বনাথ নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে নালকোৰ মৃতদেহ৷
কেৰালাত গ্ৰেপ্তাৰ হোৱা নালকোৱে আৰক্ষী-বন বিভাগৰ জিম্মাত থকা অৱস্থাত ১৭ ফেব্ৰুৱাৰীৰ নিশা নাঁৱৰ পৰা জাঁপ দিছিল ব্ৰহ্মপুত্ৰৰ বুকুত।
লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়তে হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপদি পলায়ণ কৰিছিল নালকোৱে৷
তেতিয়াৰে পৰা গঁড় চিকাৰীটোৰ সন্ধানত আৰক্ষী আৰু NDRF বাহিনীয়ে অভিযান চলাইছিল যদিও শুক্ৰবাৰে সন্ধিয়া উদ্ধাৰ হয় নালকোৰ মৃতদেহ৷