আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰীসহ গঁড়ৰ খড়্গ ব্যৱসায়ী…

ৰাজ্যত পুনৰ আটক গড়ৰ খড়্গসহ তিনি অপৰাধী।

এশিঙীয়া গঁড় হত্যা আৰু গঁড়ৰ খড়্গ চোৰাং বেহাত জড়িত মৰিগাঁৱৰ পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৰিগাঁৱৰ পানীবগৰা পথাৰত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে খেদি খেদি আছিক আলী আৰু খাইৰুল ইছলাম নামৰ দুই পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, ভজন বিশ্বাস নামৰ এজন ব্যক্তিৰ ওচৰত গঁড়ৰ খড়্গ বিক্ৰীৰ বাবে যোৱাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ এটা দলে মৰিগাঁৱত অভিযান চলাইছিল।

K7FhsjL

উল্লেখ্য যে এই দুই পিতা-পুত্ৰৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৪২৯/৩৭৯/৩৪ আৰু Section 51 WL(P) Act & R/W sec 25(1-A)/27 Arms Act ত ১৬৬/২০১৮ নম্বৰত এটা গোচৰ ৰুজু হৈ আছিল।

সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে বৰ্তমান আছিক আলী আৰু খাইৰুল ইছলামৰ লগতে ভজন বিশ্বাসক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

Leave a Comment