অসম

আৰক্ষীৰ অভিযানত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন-নকল সোণৰ নাও, ৩জনক গ্ৰেপ্তাৰ…

হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন, নকল সোণৰ নাও, নকল টকা।

গ্ৰেপ্তাৰ মহিলাসহ তিনিজনকৈ লোক।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ চোৰাংচোৱা বিষয়া আনোৱাৰ হুছেইন আৰু মোৰাঝাৰ  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত ফুকনৰ নেতৃত্বত ডবকাৰ পূব জাৰুণি গাঁও আৰু নীলবাগানৰ সদৰ গাঁৱত অভিযান চলায়।

জব্দ কৰা নাওখনৰ ওজন ১ কিলো ৯৭০ গ্ৰাম। আনহাতে ১১৯খন ৫০০,২০০,১০০ চকীয়া নোট জব্দ কৰে।

লগতে এই সংক্ৰান্তত পতি–পত্নীসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে৷

ধৃত লোককেইজন ক্ৰমে ফয়জুল হক, ৰাবিয়া বেগম আৰু জিয়াবুৰ ৰহমান৷

ধৃত ফয়জুল হক আৰু ৰাবিয়া বেগম স্বামী-স্ত্ৰী, ঘৰ ডবকাৰ পূব জাৰুণি গাঁৱত আৰু জিয়াবুৰ ৰহমানৰ ঘৰ নীলবাগানৰ সদৰ গাঁৱত।

অভিযুক্তকেইজনৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাত  গোচৰ ৰুজু কৰি আটাকেইজন অভিযুক্তক হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰোৱা হয়।

আদালতে মহিলা প্ৰৱঞ্চক ৰাবিয়া বেগমক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে আন দুই অভিযুক্ত ক্ৰমে ফয়জুল হক আৰু জিয়াবুৰ ৰহমানক আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনি দিনৰ কাৰণে আৰক্ষী জিম্মালৈ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *