fbpx
অসম

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুটাকৈ দুৰ্ধৰ্ষ ডকাইত, ডকাইতি কাৰ্যত ব্যৱহৃত বিভিন্ন অস্ত্ৰ-শস্ত্ৰ জব্দ

শোণিতপুৰৰ ঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা৷

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুটাকৈ দুৰ্ধৰ্ষ ডকাইত।

নিশা আৰক্ষীয়ে অভিযান চলাই ৰাজাবাৰী অঞ্চলৰ পৰা দুটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু চাৰিটা চুৰি ম’বাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঠেলামৰাৰ লগতে দাতিকাষৰীয়া অঞ্চলত বিভিন্ন চুৰি কাৰ্য আৰু ডকাইতিৰ ঘটনাত জড়িত থকা আবুবক্কৰ ছিদ্দিকী আৰু আল্লাৰউদ্দিনক গ্ৰেপ্তাৰ কৰে ঠেলামৰা আৰক্ষীয়ে।

ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত চলিছিল এই অভিযান।

ডকাইত দুটা গ্ৰেপ্তাৰ হোৱাৰ পিছতে এতিয়া একাংশ ভুক্তভোগী উপস্থিত হৈ থানাত ভিৰ কৰি নিজৰ হেৰুৱা সামগ্ৰীৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

ইতিমধ্যে ধৃত দুই ডকাইতক আৰক্ষীয়ে জে’ল হাজতোলৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!