নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।
এইভাৰ ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত।
আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।
নিহত দুৰ্ধৰ্ষ ডকাইতটোৰ নাম কিনাৰাম বড়ো।
জানিব পৰা মতে, ৰৌতাৰ দৈফাং-নলবাৰীৰ সমীপৰ এটা ঘৰত ডকাইতটোৱে আত্মগোপন কৰি থকাৰ খবৰ লাভৰ পিছতে অভিযান চলাইছিল আৰক্ষীয়ে।
কিন্তু অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায় কিনাৰামে।
যাৰ ফলত আৰক্ষীয়েও গুলীচালনা কৰাত নিহত হয় ডকাইতটো।
ইফালে ডকাইতৰ আক্ৰমণত আহত হৈছে দুজন আৰক্ষীও।
ডকাইতটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিষ্টল।
জানিব পৰা মতে, ৰাজ্যত সংঘটিত কেইবাটাও ডকাইতি কাণ্ডৰ সৈত জড়িত আছিল কিনাৰাম বড়ো।
আৰক্ষীৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাতো আছিল এই ডকাইতটো।