fbpx
অসমঅসমীয়া

আহি আছে ‘আছানী’! সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বতাহ-বৰষুণৰ আগজাননী

নিউজ ডেস্ক। সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হব বতাহ-বৰষুণ।

২০২২ৰ প্ৰথমটো ঘূর্ণী বতাহৰ প্ৰভাৱত পশ্চিমবংগ, বিহাৰৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) আগজাননী দিয়া মতে দক্ষিণ-পূব বঙ্গোপসাগৰত উৎপত্তি ঘটা ঘূর্ণী বতাহে সোমবাৰে উত্তৰ-পূবদিশে গতি কৰিব আৰু তাৰ পিছত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈ উত্তৰদিশে আগবাঢ়িব।

p1 15

ঘূৰ্ণীবতাহটোৱে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ভূমিস্খলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। দ্বীপসমূহত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহৰ সম্ভাৱনা আছে। আই এম ডিয়ে ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে।

আইএমডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে বতৰ প্ৰণালীটো সোমবাৰে ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত ঘূৰ্ণীবতাহটোৰ বাবে সকলো প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়।

p2 12

শনিবাৰে দক্ষিণ আন্দামান সাগৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ/বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।

আনহাতে কোনো কোনো ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

২১ মাৰ্চত ঘূৰ্ণী বতাহে অসমৰ লগত উত্তৰ-পূৱৰ আন আন ৰাজ্য স্পৰ্শ কৰাৰ আশংকা কৰা হৈছে।

শনিবাৰৰ আগলৈকে বংগোপসাগৰৰ ওপৰত প্ৰতি ঘণ্টাত ৪০-৬০ কিলোমিটাৰ পৰ্যন্ত তীব্ৰ বতাহৰ সম্ভাৱনা আছে। আন্দামান আৰু নিকোবৰ দ্বীপত ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিত ধুমুহা অহাৰ আশংকা কৰা হৈছে।

২৩ মাৰ্চত বংগোপসাগৰ আৰু বাংলাদেশ আৰু ম্যানমাৰ উপকূলত ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে গতিৰ বতাহৰ সম্ভাৱনা থাকিব পাৰে।

বতৰ বিজ্ঞানী সকলে মাছমৰীয়াসকলক বুধবাৰে দক্ষিণ বংগোপসাগৰ আৰু ইয়াৰ কাষৰীয়া বিষুৱীয় ভাৰত মহাসাগৰৰ কেন্দ্ৰীয় অংশ আৰু বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে দক্ষিণ-পূব বংগোপসাগৰ আৰু আন্দামান সাগৰ অঞ্চললৈ নাযাবলৈ সতৰ্ক কৰি দিছে।

ইফালে এই সাগৰীয় ঘূর্ণী বতাহক আছানী নামেৰে নামাকৰণ কৰা হৈছে।

লগতে চাওকঃ

ব্যতিক্ৰমী দৃশ্য! অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অভিভাৱকৰ হেতাওপৰা

G1 33

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!