fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

আশ্বৰ্যকৰ! প্ৰায় ৪৬ কেজি ওজনৰ মূলাৰ খেতি কৰি বিশ্ব অভিলেখ সাৰ আৰু কৃষিজাত সামগ্ৰী নিৰ্মাতা কোম্পানীৰ…

নিউজ ডেস্কঃ কিমান ডাঙৰ মূলাৰ কথা আপুনি শুনিছে?

বজাৰত সাধাৰণতে উপলব্ধ হোৱা একোটা মূলৰ সাধাৰণ ওজন ৫০-১০০ গ্ৰাম হয়। হয়তো আপুনি কেতিয়া আধা কেজি বা তাতকৈ অলপ ডাঙৰ মূলাও দেখিব পাৰে।

কিন্তু এটা মূলাৰ ওজন প্ৰায় ৪৬ কেজি! এই কথা শুনি আপুনি আচৰিত নহ’বনে?

এনে এক আচৰিত অভিলেখেই গঢ়িবলৈ সক্ষম হৈছে জাপানৰ এটা সাৰ আৰু কৃষিজাত সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানে।

৪৫.৮৬৫ কেজি ওজনৰ এটা মূলাৰ খেতি কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়িছে এই কোম্পানীটোৱে।

কোম্পানীটোৱে নিজে নিৰ্মাণ কৰা সাৰ আৰু কৃষিজাত সামগ্ৰীৰে উৎপাদন কৰা এই বিশাল মূলাটোৰ পৰিধি হৈছে ১১৩ চেণ্টিমিটাৰ আৰু দীঘল হৈছে ৮০ চেণ্টিমিটাৰ।

২২ ফেব্ৰুৱাৰীত বিশ্বৰ আটাইতকৈ গধুৰ মূলা খেতিৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ে মাণ্ডা ফাৰ্মেণ্টেচন কোম্পানীয়ে।

হিৰোচিমা প্ৰিফেকচাৰৰ এখন চহৰ অনোমিচিৰ হাক’ পাৰ্কত এই বিশ্ব অভিলেখ পৰীক্ষা কৰা হয়।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি কোম্পানীটোৱে নিয়মিতভাৱে নিজৰ বিশেষ কৃষি পৰিপূৰক আৰু সাৰ ব্যৱহাৰ কৰি বিশাল মূলা খেতি কৰে।

এই অভিলেখ ভংগকাৰী মূলাটো নিয়মীয়াকৈ তিনিমাহৰ সময়সীমাৰ বিপৰীতে ছমাহত খেতি কৰা হৈছিল।

১০ মাৰ্চত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ইনষ্টাগ্ৰামত এই মূলাটোৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

সামাজিক মাধ্যমত এই সুবিশাল মূলাটোৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Related Articles

Back to top button