
নিউজ ডেস্কঃ পত্নীক হত্যাৰ অভিযোগত বিগত ৬ মাহ ধৰি কাৰাবন্দী হৈ আছে স্বামী। কিন্তু অৱশেষত মাতৃ গৃহত সোশৰীৰে উদ্ধাৰ হ’ল পত্নী। এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ সীতামড়ি জিলাত।
জানিব পৰা মতে, সীতামড়ী জিলাৰ চোৰৌট থানাৰ অন্তৰ্গত পৰিগামা গাঁৱৰ শশী কুমাৰ নামৰ ব্যক্তিজনক ৬ মাহ পূৰ্বে পত্নীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তেতিয়াৰে পৰা কাৰাগাৰত বন্দী জীৱন কটাই আছে শশী কুমাৰে।
কিন্তু শেহতীয়াকৈ শশী কুমাৰৰ পত্নী হীৰা দেৱী চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ মহোত্তৰী জিলাস্থিত মাতৃ গৃহত আৰামেৰে বাস কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে বিহাৰ আৰক্ষীয়ে মহিলাগৰাকীক নেপালৰ পৰা বিহাৰৰ সীতামড়ীলৈ লৈ আনিছে।

উল্লেখ্য যে, নেপালৰ মহোত্তৰী জিলাৰ মাটিহানী আৰক্ষী থানা এলেকাৰ অন্তৰ্গত পাঁচ নং ৱাৰ্ডৰ বাসিন্দা বিনোদ নায়কে ৭ মাহ পূৰ্বে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ কন্যা হীৰা দেৱীক স্বামী শশী কুমাৰে ভাতৃ সঞ্জয় মাহাতো আৰু মাতৃ সুমিত্ৰা দেৱীৰ সৈতে মিলি যৌতুকৰ বাবে হত্যা কৰিছিল। স্বামীগৃহই হীৰা দেৱীক হত্যা কৰি জ্বলাই দিয়াৰো অভিযোগ তুলিছিল পিতৃয়ে।
এই এজাহাৰৰ ভিত্তিতে পৰৱৰ্তী সময়ত বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শশী কুমাৰক। তাৰ পিছত বিগত ৬ মাহে কাৰাগাৰত পত্নী হত্যাৰ গোচৰত বন্দী হৈ আছে শশী কুমাৰ।
কিন্তু নেপালৰ পৰা পত্নী হীৰা দেৱীক আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰাৰ পিছত পুনৰ শশী কুমাৰক আদালতত হাজিৰ কৰাই তেওঁৰ ভাষ্য গ্ৰহণ কৰা হয়। বৰ্তমান সমগ্ৰ ঘটনাৰ নতুনকৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
অভিযোগ অনুসৰি, বহিঃৰাজ্যত কৰ্মৰত হৈ থকা শশী কুমাৰে ঘৰলৈ উভতি অহাৰ সময়ত পত্নী হীৰা দেৱীক মুজাফৰনগৰ ৰে’লৱে ষ্টেছনত এৰি দিছিল। তাৰ পিছতে মহিলাগৰাকীয়ে কোনোমতে নেপালত থকা আত্মীয়ৰ সৈতে যোগাযোগ কৰে আৰু নেপালৰ মাতৃগৃহলৈ গুচি যায়।
এটি এবছৰীয়া সন্তানৰ মাতৃ হীৰা দেৱী কিছু মানসিকভাৱেও বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে।