আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা নগেন দাসৰ মৃত্যু, ‘অমৰ মৃতক’ ঘোষণা আলফা(স্বাঃ)ৰ…

সংযুক্ত মুক্তি বাহিনী, অসমৰ প্ৰাক্তন শীৰ্ষ নেতা নগেন দাসৰ মৃত্যু।
৫৭ বছৰ বয়সত ছয়গাঁৱৰ ধোৱাৰগাঁওস্থিত নিজ বাসগৃহত ইহ সংসাৰ ত্যাগ কৰে নেতাগৰাকীয়ে।

১৯৮২ত সংযুক্ত মুক্তি বাহিনী, অসম(স্বাঃ)ত যোগদান কৰা ছয়গাঁৱৰ নগেন দাস ওৰফে হিমাংশু দাসক ‘অমৰ মৃতক’ ঘোষণা আলফা(স্বাঃ)ৰ।
লগতে সংযুক্ত মুক্তি বাহিনী আলফা স্বাধীনে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

পৰেশ বৰুৱাৰ নেতৃত্বত দাসে ১৯৯১ চনত আলফাৰ বৈদেশিক দপ্তৰ চোৱাচিতা কৰিছিল।
আলফাত সক্ৰিয় অৱস্থাতে তেওঁ কেইবাবাৰো আৰক্ষী তথা সামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আত্মসমৰ্পনৰ সকলো প্ৰস্তাব নাকচ কৰিছিল।
কিন্তু শেষৰবাৰ গ্ৰেপ্তাৰৰ সময়ত তেওঁ মগজুত আঘাতপ্ৰাপ্ত হয়। এই আঘাতৰ ফলতে মানসিক ভাৰসাম্যতা হেৰুৱাই নগেন দাসে। মৃত্যু পৰ্যন্ত তেওঁ এই সমস্যাত ভূগি আছিল।

উল্লেখ্য যে, সুখ্যাতিৰে ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কটন মহাবিদ্যালয়ত অধ্যায়ন কৰিছিল নগেন দাসে।
ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল তেওঁ।
নগেন দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই