fbpx
অসমীয়াৰাষ্ট্ৰীয়

আদানী-হিণ্ডেনবাৰ্গ গোচৰক লৈ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা কেন্দ্ৰীয় চৰকাৰৰ! নাকচ হ’ল বন্ধ খামত দিয়া পৰামৰ্শ…

নিউজ ডেস্কঃ আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ বাবে গঠন হ’বলগীয়া তদন্ত সমিতিত অন্তৰ্ভূক্তিৰ বাবে বিশেষজ্ঞৰ নাম সম্বলিত কেন্দ্ৰীয় চৰকাৰৰ বন্ধ খামৰ পৰামৰ্শ নাকচ উচ্চতম ন্যায়ালয়ৰ।

দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে কয় যে চৰকাৰৰ ছীলযুক্ত কভাৰৰ পৰামৰ্শ গ্ৰহণ কৰিলে চৰকাৰে নিযুক্তি দিয়া কমিটী বুলি ধাৰণা হ’ব।

যাৰ বাবে তদন্তৰ স্বচ্ছতা বৰ্তাই ৰখাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এখন কমিটী গঠন কৰিব বুলিও স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।

ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কয়, ‘আপোনালোকৰ দ্বাৰা দিয়া ছীল কভাৰৰ পৰামৰ্শ আমি গ্ৰহণ নকৰো কাৰণ আমি সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখিব বিচাৰো। আৰু যদি আমি ছীল কভাৰত পৰামৰ্শ গ্ৰহণ কৰো তেন্তে আমি ইয়াক আন পক্ষৰ পৰা আঁতৰাই ৰখাৰ দৰে হ’ব। কাৰণ মানুহে ইয়াক চৰকাৰী নিযুক্তি দিয়া কমিটী বুলি ভাবিব।’’

যদি আমি পৰামৰ্শ গ্ৰহণ কৰো তেন্তে আমি আন পক্ষক প্ৰকাশ কৰা উচিত যাতে স্বচ্ছতা থাকে বুলি আদালতে স্পষ্ট কৰি দিয়ে।

যাৰ বাবে ন্যায়ালয়ে নিজাববীয়াকৈ সমিতিখন গঠন কৰি সদস্য নিযুক্তি দিব বুলি মন্তব্য কৰে বিচাৰপীঠে।

ইয়াৰ পিছত বিচাৰপীঠে বিষয়টোৰ ৰায় সংৰক্ষণ কৰাৰ পূৰ্বে আবেদনকাৰীসকলৰ শুনানি গ্ৰহণ কৰে।

এই বিষয়টো পৰীক্ষা কৰিবলৈ কমিটীত বহি থকা ন্যায়াধীশ নিযুক্তি নিদিয়াৰ কথাও স্পষ্ট কৰি দিয়ে আদালতে।

উল্লেখ্য যে, দেশৰ সবাতোকৈ ধনী ব্যক্তি গৌতম আদানীৰ বিৰুদ্ধে শেহতীয়াকৈ কেইবাটাও অভিযোগ উত্থাপন কৰি এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল আমেৰিকাৰ ৰিচাৰ্ছ সংস্থা হিণ্ডেনবাৰ্গে।

হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদনৰ পিছতে ভাৰতত গৌতম আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পৰ্কক লৈ নানান প্ৰশ্নৰ উত্থাপন কৰে বিৰোধীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!