
নিউজ ডেস্কঃ কুকিলকণ্ঠী লতা মংগেশকাৰৰ ‘মেৰা দিল য়ে পুকাৰে’ গীতত নৃত্য কৰি নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰা পাকিস্তানী যুৱতী আয়েশাৰ প্ৰেমত হাবুডুবু খাইছে ভাৰতৰ এজন যুৱক।
আয়েশাৰ নৃত্য ভিডিঅ’ দেখি বাউল হৈ পৰা মুম্বাইৰ ফৈজান আনছাৰীয়ে গ্ৰহণ কৰিলে এক ব্যতিক্ৰম সিদ্ধান্ত। আয়েশাৰ ফটোৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল ফৈজান।
এই ব্যতিক্ৰম বিবাহৰ খবৰে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ‘মেৰা দিল য়ে পুকাৰে’ গীতটোত নৃত্য কৰি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল পাকিস্তানৰ লাহোৰৰ নিৱাসী আয়েশা।
ভাৰততো চৰ্চিত হৈছিল আয়েশাৰ সেই নৃত্য ভিডিঅ’। সেই সময়তে মুম্বাইৰ নিৱাসী ফৈজান আনছাৰীয়ে আয়েশাৰ ভিডিঅ’ চোৱাৰ পিছত যুৱতীগৰাকীৰ প্ৰেমত মচগুল হৈ পৰে।
তাৰ পিছতে পাকিস্তানৰ আয়েশাক যিকোনো প্ৰকাৰে নিকাহ কৰাৰ সিদ্ধান্ত লয় ফৈজানে।

ফৈজানে জানিবলৈ দিয়া মতে, তেওঁ আয়েশাক বিয়া পাতিবলৈ ইতিমধ্যে ১৫ লাখ টকা মূল্যৰ গহণা গঢ়িছে। ১২ টকাৰে ক্ৰয় কৰিছে দৰাৰ সাজ।
কিন্তু পাকিস্তানলৈ যাবলৈ ভিছা লাভ নকৰাত অৱশেষত আয়েশাৰ ফটোৰ সৈতেই নিকাহ সম্পন্ন কৰে ফৈজানে।
অৱশ্যে পাকিস্তানলৈ যাবলৈ ভিছা লাভৰ বাবে তেওঁ এতিয়াও চেষ্টা কৰি আছে। আয়েশাৰ সৈতে তেওঁ যোগাযোগৰো চেষ্টা চলাই আছে বুলি মন্তব্য কৰে ফৈজান আনছাৰীয়ে।