আজৱ কাণ্ড! চিনেমাৰ কায়দাত ৰাজপথত টকাৰ নোট উৰুৱাই বিপদত ইউটিউবাৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ চিনেমাৰ কায়দাত ৰাজপথত টকাৰ নোট উৰুৱাই বিপদত পৰিল এজন ইউটিউবাৰ।

গাড়ীত বহি টকা উৰুওৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইউটিউবাৰজনৰ লগতে সহযোগীক।

এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ গুৰুগ্ৰামত।

ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে জোৰাৱৰ সিং কলচী নামৰ ইউটিউবাৰজনক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শ্বাহিদ কাপুৰ অভিনীত ‘ফৰ্জী’ নামৰ ৱেব ছবিখনৰ এটা দৃশ্যৰ দৰে ইউটিউবাৰ জোৰাৱৰ সিঙেও গাড়ীৰ ডিকিত বহি টকাৰ নোট উৰুৱাইছিল।

ইউটিউবাৰজনে গুৰুগ্ৰামৰ গোল্ফ কোৰ্চ ৰোডত এই কাৰ্য কৰি ভিডিঅ’ শ্বুট কৰিছিল।

কিন্তু পিছফালে গৈ থকা বাহনৰ কোনোবাই যুৱকজনৰ এনে কাণ্ডৰ ভিডিঅ’ বনাই সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে ভিডিঅ’ৰ জৰিয়তে ইউটিউবাৰজনক চিনাক্ত কৰি জোৰাৱৰ সিং কলচীসহ দুজনক গ্ৰেপ্তাৰ কৰিছে।

অৱশ্যে যুৱকজনে ৰাজপথত উৰুওৱা টকাখিনি নকল নোট আছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে।