অসম

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, উখল-মাখল পৰিৱেশ…

কৃষ্ণচূড়াৰ দেশত উখল-মাখল পৰিৱেশ।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

পুৱা ৯ বজাৰ পৰা দুটা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ।

১০টা পদত মুঠ ২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

ইপিনে দুটাকৈ পদৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিছে আদালতে।

সাংস্কৃতিক সম্পাদক পদ আৰু ছাত্র জিৰণি কোঠা সম্পাদকৰ পদৰ নিৰ্বাচনত স্থগিতাদেশ।

নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ শ্ৰেণীকোঠাত ৭৫ শতাংশ উপস্থিতি বাধ্যতামূলক।

উক্ত পদৰ প্ৰাৰ্থীৰ দুগৰাকীৰে উপস্থিতি ৭৫ শতাংশতকৈ কম।

ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতহে অনুষ্ঠিত হ’ব এই দুটা পদৰ নিৰ্বাচন।

আনহাতে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৩ গৰাকী প্ৰাৰ্থী।

Related Articles

Back to top button