অসম

আজি আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধ…

আজি আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান।

ৰাতিপুৱা পাঁচ বজাৰ পৰা ২৪ ছেপ্তম্বৰৰ পুৱা পাঁচ বজালৈ বন্ধৰ আহ্বান সংগঠনটোক।

এক প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক সুনাধৰ ৰায়ে।

বঙাইগাঁও, গোসাঁইগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পৰা দেখিবলৈ পোৱা গৈছে।

জনজাতিকৰণ, পৃথক কমতাপুৰৰ দাবীত এই বন্ধ ঘোষণা।

পুৱা ৫ বজাৰ পৰা বঙাইগাঁৱত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ।

ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ আক্ৰাছুৰ।

ইপিনে বন্ধৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত।

অৱশ্যে বন্ধৰ পৰা পৰীক্ষা, জৰুৰীকালিন সেৱা ৰেহাই দিয়া বুলি বিবৃতিটোত উল্লেখ কৰিছে।

বিবৃতিটোত উল্লেখ কৰা মতে ২১ ছেপ্তেম্বৰৰ সন্ধিয়া অসম চৰকাৰে আলোচনাৰ বাবে ছয় জনগোষ্ঠীৰ নেতৃত্বক মাতি নি মুখ্যমন্ত্ৰী উপস্থিত নথকাৰ অজুহাত দেখুৱাই আলোচনাত বিধি পথালি দিয়ে। সেই বাবে সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

Back to top button