অসম

আজাদী কা অমৃত মহোৎসৱঃ যোৰহাটৰ পৰা দিল্লীৰ ৰাজঘাটলৈ চাইকেল ৰেলী…

দেশজুৰি উদযাপন ‘আজাদী কা অমৃত মহোৎসৱ’।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটস্থিত চিআৰপিএফৰ ১১৯নং কেম্পতো উদযাপন কৰা হয় এই আজাদী কা অমৃত মহোৎসৱ।

এই মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটৰ পৰা ৰাজঘাটলৈকে উলিওৱা হয় এক বিশেষ চাইকেল ৰেলী।

২৫জন চি আৰু পি এফৰ লোকে অংশ গ্ৰহণ কৰিছে এই চাইকেল ৰেলীত।

অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটোত দিল্লীৰ ৰাজঘাটত উপস্থিত হ’ব দলটো।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে উলিওৱা এই বিশেষ চাইকেল ৰেলীৰে দেশবাসীৰ মাজত ভাৰতৰ স্বাধীনতা মহোৎসৱৰ বিশেষত্বসমূহ বিয়পোৱাৰ চেষ্টা কৰা হৈছে।

মঙলবাৰে উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্জ্বলন কৰি শুভ উদ্বোধন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে লাভলীনা বৰগোহাঁই, সাংসদ তপন গগৈ, মন্ত্ৰী অতুল বৰা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

অলিম্পিকত ব্ৰঞ্জ মেডেল বিজয়ী লাভলীনা বৰগোহাঁইৰ লগতে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ পৰিয়ালকো সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *