
নিউজ ডেস্কঃ ১০ লিটাৰৰ ডেক্সি, হকিন্স কোম্পানীৰ প্ৰেছাৰ কুকাৰ, কেৰাহী, কেটেলা, কাপ, হেতা- মুঠতে এখন ঘৰ নতুনকৈ সজাবলৈ প্ৰয়োজন হোৱা সকলো প্ৰয়োজন হৈছে অসমৰ এখন চৰকাৰী মহাবিদ্যালয়ক। শুনি আচৰিত লাগিলেও মহাবিদ্যালয় কৰ্তৃপক্ষই এইসমূহ সামগ্ৰী বিচাৰি জাননী জাৰি কৰিছে মহাবিদ্যালয়খনৰ দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীক।
এনে নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত হৈছে ডিফু চৰকাৰী বিএড কলেজত। মহাবিদ্যালয়খনৰ অধ্যক্ষই এক জাননী জাৰি কৰি দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ পৰা বিচাৰিছে ডেক্সি, প্ৰেছাৰ কুকাৰ, কেৰাহী, কেটলাৰ লগতে আন বহু ধৰণৰ সামগ্ৰী।
ইতিমধ্যে মহাবিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰা এই নিৰ্দেশ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰকাৰী মহাবিদ্যালয়ৰ এনে অকল্পনীয় কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলো।
ডিফু বিএড কলেজৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশ যোগে দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলক ১০ আগষ্টৰ ভিতৰত স্বৰ্ণালী ৰয়, ৰুস্তম ৰংফাৰ আৰু ৰূপাঞ্জলী দেৱীৰ হাতত সামগ্ৰীসমূহ জমা দিবলৈ কোৱা হৈছে। ৰোল নম্বৰ ভেদে বাচনি কৰা দিয়া বিভিন্ন সামগ্ৰী সমূহৰ কোম্পানীৰ নাম পৰ্যন্ত উল্লেখ কৰি দিছে মহাবিদ্যালয়খনে।
এনে সামগ্ৰী সমূহৰ ভিতৰত আছে- ১০ লিটাৰৰ ডেক্সি, হকিন্স কোম্পানীক ৫ লিটাৰৰ প্ৰেছাৰ কুকাৰ, ১০ লিটাৰৰ কেৰাহী, ৩ লিটাৰৰ কেটেলা, ডাঙৰ হেতা, ষ্টীলৰ জগ, ভেলভেট কাপোৰ সংলগ্ন নটিছ বোৰ্ড, কাপ-প্লেটৰ চেট, ট্ৰে, প্ৰিণ্টাৰ ইংক চেট, ৱাল ফেন আদি।
মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ পৰা সামগ্ৰী বিচাৰি জাৰি কৰা জাননী এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। তাৰ পিছতে মহাবিদ্যালয়খনৰ এনে অদ্ভূত কাণ্ডই চকু কপালত তুলিছে সকলোৰে। এখন চৰকাৰী মহাবিদ্যালয়ত সংঘটিত হোৱা কাণ্ডই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।