আঙুৰলতা ডেকাৰ বিতৰ্কিত মন্তব্যক লৈ ক্ষোভিত দন্ত চিকিৎসক সকল, প্ৰতিবাদ সাব্যস্ত…

আঙুৰলতা ডেকাৰ বিতৰ্কিত মন্তব্যক লৈ ক্ষোভিত দন্ত চিকিৎসক সকল।

বি জে পিৰ অসম মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই দন্ত্য চিকিৎসকক অৱমাননা কৰি দিয়া মন্তব্যৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীস্থ আঞ্চলিক দন্ত্য চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ চৌহদতে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

1ad6c590630caf304d60147c5e81c2d51632313392

আঙুৰলতা ডেকাক এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়নি দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখ্য যে, বিতৰ্কিত মন্তব্য কৰে আঙুৰলতা ডেকাক ক্ষমা খুজিবলৈ ৪৮ ঘণ্টা সময় দিয়া হৈছিল।

কিন্তু ৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ক্ষমা নুখুজিলে আঙুৰলতা ডেকাই।

36b48b941b2cc2c362638624b1c7c4301632313434

যাৰ বাবে ক্ষোভিত হৈ পৰিছে দন্ত চিকিৎসক সকল।

Leave a Comment