অসমঅসমীয়া

আগতে যি কৰিলে কৰিলে, এতিয়া আৰু সেইবোৰ নকৰিব! নিজ দলৰ বিধায়কক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ, কিন্তু কিয়…

“আগতে যি কৰিলে কৰিলে, এতিয়া আৰু সেইবোৰ নকৰিব।” – সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাক এই পৰামৰ্শ আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল কেইজনমান যুৱকক। তাৰ পিছতে বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষী বিষয়ালৈ ফোন কৰি বিধায়কৰ ক্ষমতা প্ৰদৰ্শনৰ চেষ্টা কৰিছিল।

আৰক্ষী বিষয়া আৰু বিধায়কজনৰ মাজৰ কথা বার্তাৰ ভাইৰেল কল ৰেকৰ্ডিংটোত বিধায়কগৰাকীয়ে তেওঁৰ ৬০ হাজাৰৰ ভোটাৰৰ ভয় দেখুৱাই আৰক্ষী বিষয়াক একপ্ৰকাৰ ভাবুকি দিয়া শুনিবলৈ পোৱা যায়।

বিধায়ক অমিয় কুমাৰ ভূঞাই ফোনতে আৰক্ষী বিষয়গৰাকীক কয়- “পুলিছগিৰি নেদেখুৱাব। মোৰ ৬০ হাজাৰ ভোটাৰে আপোনাক পিটিকা বনাই দিব।”

বিধায়কজনৰ এই ফৌনিক ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে যদি কিবা অভিযোগ থাকে তেন্তে চিধাই তেওঁলৈ হোৱাটছএপত জনাব পাৰে আৰু সেই সন্দৰ্ভত তেওঁ ব্যৱস্থা লব। কিন্তু আগত দিনত কৰাৰ দৰে এতিয়া আৰু কৰিলে নহব।

আনহাতে আৰক্ষী থানাৰ বাহিৰত এজাহাৰ লেখা দালালৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এজাহাৰ লিখাৰ কাম হৈছে আৰক্ষীৰ। কিন্তু দুখীয়া-নিচলা আৰু সাধাৰণ শ্ৰেণীক হাৰাশাস্তি কৰি থানাৰ বাহিৰত এজাহাৰ লিখে কিছুমান দালালে।

এনে দালালে এজাহাৰত বিভিন্ন ধাৰা সংযোজন কৰি মানুহক ভুল পথে পৰিচালিত কৰাৰ লগতে সমাজখন বিশৃংখল কৰি তুলিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

শনিবাৰৰ দিনটোত আৰক্ষীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৪২ জন এনে দালালক আটক কৰিছে আৰু এতিয়াও ২০-২৫ জন দালালক আটক কৰিবলৈ বাকী আছে বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Leave a Reply

Back to top button