
নিউজ ডেস্ক। পুনৰ ধৰ্মীয় অনুষ্ঠানত চলিল চােৰৰ উপদ্ৰৱ।
এইবাৰ চােৰৰ লক্ষ্য উত্তৰ গুৱাহাটী স্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ নামঘৰত।
নিশা সত্ৰৰ চৌহদত প্ৰৱেশ কৰি মন্দিৰৰ ভিতৰত থকা দুটাকৈ দান-পাত্ৰ ভাঙি লুটি নিয়ে প্ৰণামীৰ ধন।
পুৱা সত্ৰৰ দেউৰীয়ে নামঘৰৰ নিত্য-নৈমিত্তিক কাম সমাপন কৰিবলৈ আহি প্ৰথমে নামঘৰৰ দুয়োটা দান-পাত্ৰৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে।
তাৰ পাছতে সত্ৰৰ বৈষ্ণৱ ভকতসকলৰ মাজত হুৱা-দুৱা লাগে।
মণিকূটৰ কাষতে থকা এখন গোপন দুৱাৰেদি নিশা চোৰ সোমোৱা বুলি সন্দেহ কৰা হৈছে।
ঘটনা সংক্ৰান্তত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰৰ দেৱগোস্বামীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি পৱিত্ৰ অনুষ্ঠানত চােৰে লুটপাত চলোৱা কাৰ্যত মৰ্মাহত হৈ পৰাৰ বুলি কয়।
তেওঁ লগতে ইয়াৰ ক্ষিপ্ৰ তদন্ত কৰি চুৰি কাণ্ডত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি দিবলৈ কামৰূপ আৰক্ষীৰ ওচৰত দাবী জনাইছে।
সত্ৰৰ পৰিচালনা সমিতিৰ তৰফৰপৰা ঘটনা সম্পৰ্কত উত্তৰ গুৱাহাটী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।
লগতে চাওকঃ