fbpx
ৰাষ্ট্ৰীয়অসমঅসমীয়া

আইআইটি প্ৰৱেশিকা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিল অসমৰ জয়ীতা…

নিউজ ডেস্ক। আইআইটি স্নাতকোত্তৰ প্ৰবেশিকা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত জিলিকিল অসমৰ জয়ীতা নাথ পুৰকায়স্থ।

শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰী জয়ীতা নাথ পুৰকায়স্থই আইআইটি স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে।

1 2 2

উল্লেখ্য যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি), ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এনআইটি)ত স্নাতকোত্তৰ কাৰ্যসূচীত নামভৰ্তিৰ বাবে প্ৰতি বছৰে এই নামভৰ্তি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

এই বছৰৰ পৰীক্ষা ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল আৰু ১৭ মাৰ্চ, ২০২২ত ফলাফল ঘোষণা কৰা হৈছিল।

জয়ীতাৰ বৈকল্পিক কাকত আছিল জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু এই পৰীক্ষাত জয়ীতাই ১০০ৰ ভিতৰত ৭২.৬৭ নম্বৰ লাভ কৰে। অপ্ৰত্যাশিতভাৱে মেধাৱী ছাত্ৰীগৰাকীয়ে এই ফলাফল লাভ কৰা বুলি মন্তব্য কৰে।

1 3 2

পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে জয়ীতাই কয়, “মই যোৱা বছৰ জুনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলো। যিহেতু ইতিমধ্যে লকডাউন আৰু কোভিড সীমাবদ্ধতাৰ বাবে কোনো অফলাইন শ্ৰেণী নাছিল, সেয়েহে মোৰ ওচৰত পৰ্যাপ্ত সময় আছিল। সেইকাৰণে মই আইআইটি জেএএমৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছিলো। মই আনএকাডেমী লাইভ ক্লাছ প্লেটফৰ্মত নাম ভৰ্তি কৰিছিলো আৰু সেই শ্ৰেণীবোৰত সদায় উপস্থিত আছিলোঁ।’’

ছাত্ৰীগৰাকীয়ে তেওঁৰ দৈনন্দিন ৰুটিনৰ বিষয়ে কয়, “মই পৰীক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া নাছিলো। প্ৰতিদিনে সৰ্বাধিক ৬ ঘণ্টাহে মই অধ্যয়ণ কৰিছিলো। ইয়াৰ ভিতৰত মই লোৱা অনলাইন ক্লাছ সমূহো আছিল। মই আনএকাডেমীত মোৰ পৰামৰ্শদাতা সকলৰ কথা শুনিছিলো আৰু সেইটোৱে মোক ভালদৰে প্ৰস্তুতি কৰাত সহায় কৰিছিল। লগতে ব্যক্তিগতভাৱে মোৰ বাবে, এই বছৰৰ প্ৰশ্নকাকত আগৰ বছৰবোৰৰ তুলনাত সহজ আছিল।’’

মেধাৱী ছাত্ৰী জয়ীতা নাথ পুৰকায়স্থই শিলচৰ কলেজিয়েট স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত ৰামানুজ গুপ্তা চিনিয়ৰ চেকণ্ডাৰী স্কুলত বিজ্ঞান শাখাত নামভৰ্তি কৰে।

উল্লেখ্য যে, এই বছৰ ৭৬৬৫ গৰাকী শিক্ষাৰ্থীয়ে জৈৱ প্ৰযুক্তিবিদ‍্যাক বৈকল্পিক কাকত হিচাপে লৈ এই পৰীক্ষাত অবতীৰ্ণ হৈছিল। কেৱল দুখন আইআইটিয়ে জৈৱ প্ৰযুক্তিবিদ্যাত এমএছচি স্নাতকোত্তৰ প্ৰদান কৰে আৰু সেই বাবে মাত্ৰ ৫০ খন হে আসন আছে। এই বছৰ এজন সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কাট-অফ মাৰ্ক আছিল ৩২.২৫।

শিলচৰৰ বিবেকানন্দ ৰোডৰ বাসিন্দা জয়ীতাৰ এই সফলতাই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক গৌৰৱাম্বিত কৰিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!