
নিউজ ডেস্ক। একাগ্ৰতা, অধ্যাৱয়সা আৰু লক্ষ্যপ্ৰাপ্তিৰ দূৰন্ত হেঁপাহ মনত জাগিলে সহজেই আঁতৰি যায় সন্মুখৰ সকলো বাধা।
বিহাৰৰ এখন কাৰাগাৰত হত্যাৰ অভিযোগত কাৰাবন্দী হৈ থকা এজন যুৱকেও প্ৰমাণ কৰি দেখুৱালে এই কথা।
কাৰাবন্দী অৱস্থাতে আই আই টিৰ জইণ্ট এডমিছন টেষ্ট ফৰ মাষ্টাৰ্ছ (জেএম) পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে এজন অভিযুক্তই।

যোৱা এবছৰ পূৰ্বে হত্যাৰ অভিযোগত বৰ্তমান বিচাৰধীন কাৰাবন্দী হৈ থকা সূৰজ কুমাৰ ওৰফে কৌশলেন্দ্ৰই আইআইটি জেএএমত দেশৰ ভিতৰতে ৫৪ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়।
বিহাৰৰ ৱাৰিছলিগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মোচমা গাঁৱৰ বাসিন্দা সূৰজে হত্যাৰ অভিযোগত অভিযুক্ত পূৰ্বৰে পৰাই এই কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল। কিন্তু তাৰ মাজতে তেওঁ কাৰাবন্দী হোৱাত, কাৰাগাৰ প্ৰশাসনেও সূৰজক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে। যাৰ পৰিণতিত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে সফলতা লাভ কৰিবলৈ সক্ষম হয় সূৰজ কুমাৰে।

দৰাচলতে, সূৰজ কুমাৰ ২০২১ চনৰ এপ্ৰিলৰ পৰা হত্যাৰ অভিযোগত কাৰাবন্দী হৈ আছে। নৱাদা জিলাৰ ৱাৰিছলিগঞ্জ খণ্ডৰ মোচমা গাঁৱত পথ বিবাদক লৈ দুটা পৰিয়ালৰ মাজত তীব্ৰ সংঘাত হৈছিল।
সঞ্জয় যাদৱ ২০২১ চনৰ এপ্ৰিলত হোৱা আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসাৰ বাবে পাটনালৈ নিয়াৰ সময়তে মৃত্যু ঘটে।
মৃতকৰ দেউতাক বাছো যাদৱে তেতিয়া সূৰজ, তেওঁৰ দেউতাক অৰ্জুন যাদৱকে ধৰি নজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
সেই বছৰৰ ২১ এপ্ৰিলত আৰক্ষীয়ে সূৰজকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।