অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ পত্নীৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি পলায়নৰ চেষ্টা চিলনী চোৰৰ! খেদি খেদি কৰায়ত্ত কৰিলে ৰাইজে

নিউজ ডেস্কঃ মহিলাৰ ডিঙিৰ চেইন থয়িপাই পলায়ন কৰিবলৈ চেষ্টা কৰোতেই ৰাইজৰ হাতত ধৰা পৰিল চিলনী চোৰ। এই ঘটনা সংঘটিত হৈছে ছিপাঝাৰৰ দিপীলাত।

জানিব পৰা মতে, বুধবাৰে ছিপাঝাৰৰ হেঙালপাৰাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান বলেন চহৰীয়া আৰু তেওঁৰ পত্নী ঊষা চহৰীয়াই এখন স্কুটীৰে গৃহাভিমুখে গৈ থকাৰ সময়তে দিপীলাৰ জগদ্ধাত্ৰী মন্দিৰৰ সমীপত বাইকেৰে অহা দুটা চিলনী চোৰে ঊষা চহৰীয়াৰ ডিঙিৰ সোণৰ চেইন থপিয়াই পলায়নৰ চেষ্টা চলায়।

sipajhar
অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ পত্নীৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি পলায়নৰ চেষ্টা চিলনী চোৰৰ! খেদি খেদি কৰায়ত্ত কৰিলে ৰাইজে 2

কিন্তু লগে লগে বলেন চহৰীয়াই এটা চিলনী চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আনটোৱে পথাৰৰ মাজেৰে দৌৰি পলায়নৰ চেষ্টা কৰে।

কিন্তু চিলনী চোৰটোক দেখি স্থনীয় ৰাইজে খেদি খেদি সেইটোকো কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ধৃত চিলনী চোৰ দুটা ৰঙিয়াৰ ৰাতুল আহমেদ (২৬) আৰু মনোৱাৰ হুছেইন (২২) বুলি জানিব পৰা গৈছে। ৰাইজে দুয়োটা চিলনী চোৰক লপাথপা দি পিছত বুঢ়া আৰক্ষীৰ হাতত চমজাই দিয়ে।

আৰক্ষীয়ে ইতিমধ্যে চিলনী চোৰ দুটাই ব্যৱহাৰ কৰা এএছ ০১ একিউ ৫৯১৮ নম্বৰৰ পালছাৰ বাইকখনো জব্দ কৰিছে।

ছিপাঝাৰত চিলনী চোৰৰ সন্ত্ৰাসে স্বাভাৱিকতে এতিয়া আতংকৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত।