অসমঅৰুণাচল প্ৰদেশ

অৰুণাচলত বাস কৰা অসমৰ লোকক PRC প্ৰদানৰ আহ্বান আলফা(স্বাঃ)ৰ…

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ আলফা(স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিশেষ পত্ৰ।

অৰুণাচলত থকা অসমীয়া লোকক স্থায়ী আৱাসিক প্ৰমাণ পত্ৰ প্ৰদানৰ আহ্বানেৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ পত্ৰ প্ৰেৰণ পৰেশ বৰুৱাৰ।

অৰুনাচলত বসবাস কৰা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ মটক আহোম কছাৰী দেউৰী সোনোৱাল বডো ৰাভা মিছিং আদি কৰি অসমীয়া ভাষা কোৱা সকলো জনগোষ্ঠীৰ লোকক স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিবলৈ পৰেশ বৰুৱাই আহবান জনাইছে।

এই পত্ৰত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই কয়, বৈচিত্ৰ্যই পৃথিৱীৰ বহুতো ৰাষ্ট্ৰৰ ভেটি স্থাপন কৰিছে, কিছুমানে চৰম দৰিদ্ৰতাক অতিক্ৰম কৰি কৰ্মশক্তিৰ জৰিয়তে বহু বাধাসমূহ আঁতৰাবলৈ সক্ষম হৈছে। অৰুণাচল প্ৰদেশে সদায়েই অসমীয়া লোকসকলৰ প্ৰতি নম্ৰভাৱৰ পৰিচয় দি আহিছে। 

ulfa arunachal

কিন্তু ৰাজ্যখনত বাস কৰা এই লোকসকলে ৰাজ্যখনৰ পৰা পি আৰ চি লাভ নকৰাত সমস্যাৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটত ৰাজ্যখনত বাস কৰা অসমীয়া লোকৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।

লগতে সেনাধ্যক্ষগৰাকীয়ে কয়, সেই অসমীয়া লোকসকলক আৱাসিক প্ৰমাণপত্ৰ লাভ কৰা অধিকাৰৰ পৰাও বঞ্চিত কৰা হৈছে। 

সেয়ে আলফা সেনাধ্যক্ষগৰাকীয়ে মুখ্যমন্ত্ৰীক পত্ৰযোগে অসমীয়া লোকসকলক স্থায়ী আৱাসিক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আহ্বান জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *