অহা ১৯ নৱেম্বৰত অসমলৈ আহিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল

নিউজ ডেস্ক। ফালকন ফেষ্টিভেল হৈছে এক বাৰ্ষিক অনুষ্ঠান, যি প্ৰতি বছৰে ডিমা হাচাও জিলাৰ উমৰাংছুত অনুষ্ঠিত হয়।

সেই অনুসৰি এইবাৰো অনুষ্ঠিত হ’ব এই উৎসৱ। অহা ১৯ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ’ব ফালকন উৎসৱ।

JUBIN-920x518

এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালে।

তেওঁ এই উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১৯ নৱেম্বৰৰ নিশা প্ৰদৰ্শন কৰিব সংগীতানুষ্ঠান। এই কথা জানিবলৈ দিয়ে ফালকন ফেষ্টিভেল উদযাপন সমিতিয়ে।

উল্লেখ্য এই উৎসৱৰ উদ্দেশ্য হৈছে আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পৰিভ্ৰমী চৰাই আমুৰ ফালকনৰ বিষয়ে জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰা।

এই পক্ষী বিধ প্ৰতি বছৰে অক্টোবৰৰ শেষ সপ্তাহত বা নৱেম্বৰৰ প্ৰথম সপ্তাহত ডিমা হাচাওত বাস কৰিবলৈ আহে।

সজাগতাৰ অভাৱৰ বাবে এই চৰাইবোৰক খাদ্য বা খেল আৰু ধেমালিৰ বাবে হত্যা কৰা হৈছিল। যিবোৰক এয়াৰ গান বা গুল্টি ব্যৱহাৰ কৰি হত্যা কৰা হৈছিল। কিন্তু বিভিন্ন বেচৰকাৰী সংগঠন আৰু বন বিভাগৰ অত্যন্ত প্ৰচেষ্টাত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰি পক্ষী হত্যা ৰোধ কৰা হৈছে।

সেই অনুসৰি এই উৎসৱ আমুৰ ফালকনৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা হয়।

Leave a Comment