fbpx
অসমঅসমীয়া

অসম আৰক্ষীত যোগদানত ব্যৰ্থ বাপ্পাই ফেচবুকত জাহিৰ কৰিছিল আলফা (স্বা)ত যোগদানৰ ইচ্ছা, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। বিগত কিছু দিনত অসমৰ বহু যুৱক-যুৱতীয়ে ঢাপলি মেলিছে সশস্ত্ৰ সংগ্ৰামৰ বাটেৰে।

সংস্থাপনহীনতা, চৰকাৰৰ ভুল নীতি, জীৱন ধাৰণৰ অনুন্নত পৰিস্থিতিৰ বাবে বিগত সময়ছোৱাত অসমৰ ভিন্ন প্ৰান্তৰ বহু চফল যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ খবৰ প্ৰকাশ পাইছে।

তেনে সময়তে এইবাৰ ছ’চিয়েল মিডিয়াত আলফা (স্বা)ত যোগ দিয়াৰ ইচ্ছা জাহিৰ কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

সামাজিক মাধ্যমত এটা নিউজ লিংক শ্বেয়াৰ কৰি আলফাত যোগ দিয়াৰ আগ্ৰহ প্ৰকাশ কৰা বাপ্পা কুমাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে।

G1 48

জানিব পৰা মতে, ধৃত বাপ্পা কুমাৰৰ ঘৰ হৈছে শিলচৰৰ ইটাখলাত।

দুদিন পূৰ্বে তেওঁ তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে আলফা (স্বা)ত যোগ দিয়াৰ ইচ্ছা ব্যক্ত কৰিছিল। বাপ্পাৰ এই পোষ্ট অসম আৰক্ষীৰ চাইবাৰ চেলৰ চকুত পৰাৰ পিছতে গ্ৰেপ্তাৰ্ কৰা হয় যুৱকজনক।

বাতৰি অনুসৰি, বাপ্পা কুমাৰে শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল। তেওঁ শাৰিৰীক পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও লাভ কৰা নাছিল লিখিত পৰীক্ষাৰ সুযোগ।

লিখিত পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ সময়ত বাপ্পাৰ লগতে আন কেইবাগৰাকীও যুৱকে মুখ্যমন্ত্ৰীৰ সন্মুখত বিক্ষোভো প্ৰদৰ্শন কৰিছিল।

অসম আৰক্ষীত যোগদান কৰাত ব্যৰ্থ হৈ হতাশাত ভােগা বাপ্পা কুমাৰে আলফা (স্বা)ত যোগ দিব বুলি সামাজিক মাধ্যমত পোষ্ট কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!