
নিউজ ডেস্ক। নগাঁও আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰক জৰুৰীকালীনভাৱে বদলি কৰাৰ চৰকাৰী সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
ড্ৰাগছৰ বিৰুদ্ধে আনন্দ মিশ্ৰই আৰম্ভ কৰা যুঁজ আৰু স্বভাৱসুলভ হাঁহিৰে সকলোৰে সৈতে মিলি যাব পৰা তেওঁৰ গুণৰ বাবে অনেকৰ বাবে যে তেওঁ হিৰ’ হৈ পৰিছিল, তাত নিশ্চয় কাৰো দ্বিমত নাই।

কিন্তু ২২ জানুৱাৰীৰ সন্ধিয়া সংঘটিত এনকাউণ্টাৰৰ ঘটনাই যেন সকলো সলনি কৰি পেলালে। নগাঁঁও আৰক্ষীৰ লগতে এই ঘটনাই দাগ লগালে আনন্দ মিশ্ৰৰ ওপৰতো।
ৰাজ্যৰ ভিতৰতে সৰ্বাধিক এনকাউণ্টাৰ সংঘটিত হোৱা নগাঁও আৰক্ষীৰ নেতৃত্ববাহক আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পূৰ্বৰ এনকাউণ্টাৰৰ ওপৰতো প্ৰশ্নচিহ্ন বহিল।

আনহাতে বুধবাৰে চৰকাৰে গঠন কৰি দিয়া অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বৰ এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতে এক সংবাদমেল সম্বোধন কৰে আনন্দ মিশ্ৰই। য’ত তেওঁ সেই প্ৰতিবেদনক লৈ কিছু অসন্তুষ্টি ব্যক্ত কৰাও পৰিলক্ষিত হয়।
What a misfortune…. People of Assam is able to digest miyan dadagiri but can't digest a mild policegiri(?) .Pl visit interiors of Dhing,Morigaon, Barpeta, Dhubri etc.(ofcourse with family). to realise the situation in Assam.
— Mrinal Saikia (@Mrinal_MLA) February 10, 2022
বুধবাৰে সংবাদমেলত তেওঁ পুনৰ এবাৰ কীৰ্তিকমল বৰাক ড্ৰাগছ সৰবৰাহৰে জড়িত থকা আৰু চান্দা পাৰ্টিৰ মানুহ বুলি অভিহিত কৰে। নিজে সংবাদ মেল সম্বোধন কৰাৰ উপৰিও একেটা বিষয়কলৈ তেওঁ বুধবাৰে ভাগ লয় এটা বৈদ্যুতিন সংবাদ মাধ্যম আৰু এটা ডিজিটেল সংবাদ মাধ্যমৰ অনুষ্ঠানত।
আনন্দ মিশ্ৰৰ এই সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জৰুৰীকালীনভাৱে নগাঁওৰ আৰক্ষী অধীক্ষক গৰাকীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা কৰা হয়। ইয়াৰ পূৰ্বে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক সাময়িক দায়িত্ব অৰ্পণ কৰা হয় আৰক্ষী অধীক্ষকৰ।

ইফালে আজি অৰ্থাৎ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইছ পৰিদৰ্শনৰ সময়ত আনন্দ মিশ্ৰক কিয় বদলি কৰা হ’ল তাৰ কাৰণ দৰ্শাই কয় যে কীৰ্তিকমল বৰা ঘটনাৰ তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত আনন্দ মিশ্ৰৰ কোনো উল্লেখ নাই। কিন্তু চাৰ পিছতো সংবাদ মেল সম্বোধন কৰি তেওঁ তদন্ত সমিতিৰ প্ৰতিবেদনক হেয় প্ৰতিপন্ন কৰিব বিচৰাটো উচিত হোৱা নাই।
For one mistake an officer should not be condemned.He did a commendable job in Nagaon and tried to destroy d Drug world.Indeed we need more @anandmishraips in @assampolice atleast for one year in Assam. https://t.co/yltAka5agy
— Mrinal Saikia (@Mrinal_MLA) February 10, 2022
আনন্দ মিশ্ৰৰ বদলিত সুখী হৈছে কীৰ্তিকমলো। অনেকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ শলাগ লৈছে। তাৰ বিপৰীতে কিন্তু আন বহুতে অসন্তুষ্টি ব্যক্ত কৰিছে চৰকাৰৰ এই সিদ্ধান্তত। বিশেষকৈ নগাঁৱৰ অনেক লোকে দাবী কৰিছে যে আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁৱত অপৰাধ বহু পৰিমানে হ্ৰাস পাইছিল। কিন্তু এতিয়া তেওঁৰ বদলিৰ পিছত পুনৰ নগাঁও অপৰাধৰ ৰম্যভূমি হৈ পৰাৰ আশংকা কৰিছে বহুতে।
এই মুহূৰ্তত আনন্দ মিশ্ৰৰ পক্ষত থিয় দিয়া লোকসকলৰ মাজৰ এজন হৈছে খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া। দুটাকৈ টুইট কৰি তেওঁ আইপিএছ বিষয়াগৰাকীৰ বদলিত অসন্তুষ্টি ব্যক্ত কৰিছে।

সাংবাদিক নন্দন প্ৰতীম শৰ্মা বৰদলৈৰ এটা টুইটৰ ৰি-টুইট কৰি মৃণাল শইকীয়াই লিখিছে- এটা ভুলৰ বাবে এজন বিষয়াক নিন্দা কৰাটো উচিত নহয়। তেওঁ নগাঁৱত ড্ৰাগছৰ সাম্ৰাজ্য ধ্বংসৰ চেষ্টা কৰি প্ৰশংসনীয় কাম কৰিছিল। তেওঁক কমেও আৰু এটা বছৰ অসমত প্ৰয়োজন আছে।’
আন এটা টুইটত তেওঁ আক্ষেপ ব্যক্ত কৰি লিখিছে- ‘কি দুৰ্ভাগ্য…। অসমৰ মানুহে মিঞা দাদাগিৰি হজম কৰিবলৈ সক্ষম হয় কিন্তু অলপ পুলিচগিৰি হজম কৰিব নোৱাৰে(?)। ধিং, মৰিগাঁও, বৰপেটা, ধুবুৰী আদিৰ ভিতৰভাগ দৰ্শন কৰক(অৱশ্যে পৰিয়ালৰ সৈতে)। তেতিয়া অসমৰ পৰিস্থিতি উপলব্ধি কৰিব পাৰিব।’