অসম

অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ অন্যতম সদস্য ‘জৰ্বা’ আৰু নাই…

অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ সদস্য ‘জৰ্বা’ আৰু নাই।

অসমৰ গঁড় ধাৰণকাৰী অঞ্চলত চোৰাং চিকাৰ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ‘জৰ্বা’ই।

২১ নৱেম্বৰত মৃত্যু হয় প্ৰথম বেলজিয়াম মালিনোইছ ট্ৰেকিং কুকুৰ ‘জৰ্বা’ৰ।

বয়স আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে মৃত্যু হয় জৰ্বাৰ।

উল্লেখ্য যে, জৰ্বাই কেৱল চোৰাং চিকাৰীক ধৰা পেলোৱাত সহায় কৰাই নহয়, চোৰাং চিকাৰৰ বহুতো প্ৰচেষ্টাও বিফল কৰিছিল।

‘জৰ্বা’ ভাৰতৰ অন্যতম বিশিষ্ট জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ প্ৰথম কে9 গোটৰ সদস্য আছিল।

‘জৰ্বা’ৰ 8 বছৰীয়া কেৰিয়াৰত সক্ৰিয়ভাৱে চোৰাং চিকাৰ বিৰোধী অভিযানত নিয়োজিত আছিল, যিয়ে অসমৰ কেইবাটাও গঁড় সুৰক্ষা অঞ্চল সামৰি লৈছিল।

অৱশ্যে জৰ্বাই নিজৰ সক্ৰিয় কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

Related Articles

Back to top button