fbpx
অসমীয়াঅসম

অসমৰ গ্ৰামাঞ্চলত প্ৰায় নিৰ্মূল হৈছে আলফা সমস্যা! যোৰহাটত সেনাৰ পদক অনুষ্ঠানত GOC লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতা…

নিউজ ডেস্কঃ পশ্চিমবংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সৈতে লাগি থকা আন্তঃৰাষ্ট্ৰীয় সীমাত যিকোনো প্ৰত্যাহ্বান গ্রহণ কৰিব পৰাকৈ সাজু সামৰিক বাহিনীৰ ইষ্টার্ন কমাণ্ড।

যোৰহাটত সেনাৰ পদক অনুষ্ঠানত এই মন্তব্য কৰে জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই।

যোৰহাটত অনুষ্ঠিত ইষ্টার্ন কমাণ্ডৰ এক পদক প্রদান অনুষ্ঠানত উপস্থিত থাকি সেনা বিষয়াগৰাকীয়ে কয়— ‘আমি বিশেষকৈ ছিকিম আৰু অৰুণাচল প্ৰদেশৰ চীনৰ সৈতে থকা সীমান্তৰ ক্ষেত্ৰত বিশেষভাৱে দায়বদ্ধ। তদুপৰি বাংলাদেশ, ম্যানমাৰ, নেপাল আৰু ভুটানৰ সীমাতো আমাৰ দায়িত্ব আছে।’

বিশেষকৈ ভাৰত-ম্যানমাৰ সীমান্ত আৰু বাংলাদেশৰ সীমান্তৰ সিপাৰৰ পৰা উগ্ৰপন্থী সংগঠনসমূহৰ কাম-কাজসমূহ পৰিচালিত হয়।

বিশেষকৈ ম্যানমাৰ সীমান্ত পাৰ হৈ আহি কূটাঘাত আৰু ধন দাবী আদি কৰি উগ্ৰপন্থীয়ে সেইখন দেশলৈ পলায়ন কৰে।

অৱশ্যে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰু সামৰিক বাহিনী সফলো হৈছে।

উদাহৰণ দাঙি ধৰি কলিতাই কয়, ‘ইয়াৰ অংশ হিচাপে আজি অসমৰ বহু ভিতৰুৱা অঞ্চলৰ লগতে নাগালেণ্ড, মণিপুৰতো আলফা প্রায় নির্মূল হৈছে।’

লগতে সেনা বিষয়াগৰাকীয়ে কয়- আজি ভাৰতীয় সেনা সকলোধৰণৰ উন্নত প্ৰযুক্তিৰ সমৰাস্ত্ৰৰে সু-সজ্জিত।

যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত আয়োজিত সামৰিক বাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ অলংকৰণ সমাৰোহ (ইনভেষ্টিউৰ চেৰিমনি)ত যোগদান কৰি উচ্চপদস্থ সেনা বিষয়াগৰাকীয়ে লগতে কয় যে কেৰিয়াৰ হিচাপেও সেনাবাহিনী সকলো বিভাগতকৈ শ্রেষ্ঠ। সামৰিক বাহিনীত যোগ দিবলৈ যোৱা মানেই যুদ্ধ কৰা নহয়।

কিন্তু আমাৰ অসমত সামৰিক বাহিনী সন্দৰ্ভত পর্যাপ্ত সজাগতা এতিয়াও নাই বুলি আক্ষেপ ব্যক্ত কৰে কলিতাই।

তেওঁ কয় যে বিভিন্ন বিদ্যালয়ত সামৰিক বাহিনী সম্পর্কে ছাত্র-ছাত্রীসকলক সজাগ কৰি তোলাৰ প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱকসকলৰো যথেষ্ট কৰণীয় আছে।

উল্লেখ্য যে আজি যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত আয়োজিত সামৰিক বাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ এই অলংকৰণ সমাৰোহত প্রায় ২৫ গৰাকী সামৰিক বিষয়াক কৰ্মক্ষেত্ৰত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে এটা যুদ্ধ সেৱা পদক, ১৯ টা সেনা পদক আৰু ৫ টা বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!