
নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ অনুষ্ঠানত সোমবাৰে অসমীয়া ভাষা শিকা মিঞা মুছলমানক গাড্ডাৰ আখ্যা দিয়া ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা আব্দুল আজিজৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন।
নিজকে প্ৰথমে মুছলমান আৰু তাৰ পিছতহে ভাৰতীয় বুলি পৰিচয় দি ভালপোৱা এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে এতিয়া দাখিল কৰা হৈছে এজাহাৰ।
সোমবাৰে স্বাধীনতা দিৱসৰ অনুষ্ঠানত কৰা মন্তব্যৰ বাবে মঙলবাৰে ৰূপহীহাট আৰক্ষী থানাত আব্দুল আজিজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

ইফালে আব্দুল আজিজৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিয়েও। প্ৰাক্তন বিধায়কজনে এনে মন্তব্য কৰি দেশদ্ৰোহীতাৰ পৰিচয় দিছে বুলি মন্তব্য কৰে বিজেপি বিধায়ক দিগন্ত কলিতাই।
উল্লেখ্য যে, সোমবাৰে ৰূপহীহাটত অনুষ্ঠিত স্বাধীনতা দিৱসৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাতৃভাষা জলাঞ্জলি দিয়া মিঞা মুছলমান সকলক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল আব্দুল আজিজে। নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষাক আঁকোৱালি লোৱা মুছলমান সকলক গাড্ডাৰ, বেইবান বুলিও অভিহিত কৰিছিল প্ৰাক্তন বিধায়কজনে।