অসমত ৭ হাজাৰ কােটিৰ ঋণ প্ৰদান HDFC বেংকৰ

নিউজ ডেস্ক। দেশৰ বৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্রতিষ্ঠান এইচ ডি এফ চি বেংকে অসমত আগবঢ়োৱা মুঠ অগ্রিম ধনৰ পৰিমাণে সাত হেজাৰ কোটি টকা অতিক্রম কৰিছে বুলি ঘোষণা কৰিছে।

প্রতিষ্ঠানটোৱে জানিবলৈ দিয়ামতে ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত বেংকটোৱে আগবঢ়োৱা অগ্রিম ধনৰ পৰিমাণ আছিল ৭,০০৮ কোটি টকা।

G5 3
অসমত ৭ হাজাৰ কােটিৰ ঋণ প্ৰদান HDFC বেংকৰ 2

মুঠ অগ্রিম ধনৰ ভিতৰত আছে অসমত বেংক প্রতিষ্ঠানটোৱে আগবঢ়োৱা সকলো ঋণ, য’ত অন্তর্ভুক্ত হৈছে খুচুৰা, কৰ্প’ৰেট, এম এছ এম ই আৰু মাইক্ৰ’ফাইন্সেৰ গ্ৰাহকসকললৈ আগবঢ়োৱা ঋণ।

মুঠ বজাৰ অংশীদাৰিত্বৰ ৮.৭২ শতাংশৰে এম এছ এম ই ঋণ আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক হিচাপে পৰিগণিত হৈছে এইচ ডি এফ চি বেংক।

মুঠ অগ্রিম ধন আগবঢ়োৱাৰ ক্ষেত্ৰত অসমত ৭.৫৪ শতাংশৰ বজাৰ অংশীদাৰিত্বৰে সৰ্ববৃহৎ বেংক হিচাপে পৰিগণিত হৈছে এইচ ডি এফ চি বেংক।

তদুপৰি যোৱা ১২ মাহত প্ৰতিষ্ঠানটোৱে প্ৰদান কৰিছে ১২.৮১ শতাংশৰো অধিক অগ্রিম ধন।

এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ শাখা বেংকিঙৰ মুৰব্বী (পূর) সঞ্জীৱ এছ কুমাৰে কয় যে অসমৰ অৰ্থনৈতিক বিকাশত অংশীদাৰ হ’বলৈ পাই তেওঁলোক যথেষ্ট সুখী।

তেওঁলোকে অসমত মুঠ জমাৰ পৰিমাণো ৯,০৮৫ কোটি টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ সৈতে অগ্রিম ধনৰ পৰিমাণ যোগ হ’লে মুঠ ব্যৱসায় হৈছেগৈ ১৬ হেজাৰ কোটি টকা।

মুঠ ব্যৱসায়ত বেংকটোৰ বজাৰ অংশীদাৰিত্ব হৈছে ৫.৯৩ শতাংশ। সম্প্ৰতি ৰাজ্যখনত ৮৬ টা শাখা আৰু ১৪৩ টাৰো অধিক এ টি এমেৰে সেৱা আগবঢ়াই আহিছে এইচ ডি এফ চি বেংকে।

২০০৪ চনত গুৱাহাটীত প্ৰথমটো শাখা মুকলিৰে ব্যৱসায় আৰম্ভ কৰা প্ৰতিষ্ঠানটোৱে সম্প্ৰতি অসমৰ ৩১ খন জিলাত সেৱা আগবঢ়াই আছে।

বেংকটোৱে ৫৯২ জন বিজনেছ কৰেছ পণ্ডেণ্টৰ জৰিয়তে গ্রামাঞ্চলতো সেৱা আগবঢ়াই আহিছে।

ডিজিটেল সমাধান প্ৰদানৰ দ্বাৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে কাম কৰি থকা এইচ ডি এফ চি বেংকে আত্মসহায়ক গোটসমূহক পুঁজি যোগানৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সৈতে সহযোগিতা স্থাপন কৰিছে।

যোৱা ডিচেম্বৰ মাহলৈকে প্রতিষ্ঠানটোৱে ১,৭০০ৰো অধিক আত্মসহাক গোটলৈ অগ্রিম ধন আগবঢ়াইছে।

Leave a Comment