অসমীয়াঅসম

অসমক সদায় অৱহেলা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰেঃ পুনৰ সৰৱ বদৰুদ্দিন আজমল

নিউজ ডেস্কঃ সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন। লাহে লাহে নিৰ্বাচনক লৈ প্ৰস্তুতি চলাইছে প্ৰতিটো দল সংগঠনে। কংগ্ৰেছে ভাৰত জড়ো অভিযান চলাইছে, বিজেপিয়ে ন ন আঁচনি ৰূপায়নৰে উন্নয়নৰ ঢাক-ঢোল বজাইছে। একেদৰে সক্ৰিয় হৈ পৰিছে এআইইউডিএফও।

এইবাৰ অসমৰ পৰা ৪ গৰাকী সাংসদক জয়ী কৰোৱাৰ পণ লৈছে আজমল বাহিনীয়ে। এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয় যে নগাঁও আৰু কলিয়াবৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইতিমধ্যে ঠিৰাং কৰা হৈছে। বাকী আন সমষ্টিক লৈও আলোচনা চলি আছে।

সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰৰ বিজেপি চৰকাৰক সমালোচনা কৰি আজমলে কয় যে কেন্দ্ৰই সদায় অসমক অৱহেলা কৰি আহিছে। গুজৰাটৰ দৰে অসমৰ কথা চিন্তা নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

গুজৰাটক যিদৰে মোডীয়ে পুঁজি প্ৰদান কৰে, সেইদৰে নকৰে অসমক। অসমৰ বানপানীৰ সময়তো কেন্দ্ৰই কোনো সহায় আগবঢ়োৱা নাই।

আনহাতে ছয় জনগোষ্ঠীকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কয় যে এয়াও অসমক যে কেন্দ্ৰই অৱহেলা কৰি আহিছে, তাৰেই প্ৰমাণ। ছয় জনজাতিকৰণ হব বুলি অসমৰ মানুহে আশা ৰাখিব লাগে বুলিও মন্তব্য কৰে আজমলে।

অন্যহাতে কংগ্ৰেছক বিজেপিৰ বি টীম বুলি অভিহিত কৰে সাংসদ তথা এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে।

Related Articles

Back to top button