অলিম্পিকৰ পদক লৈ আজি স্বদেশত উপস্থিত হ’ব লাভলীনা বৰগোহাঁই…

অলিম্পিকত পদক জিনি আজি স্বদেশত উপস্থিত হ’ব লাভলীনা বৰগোহাঁই।

সোমবাৰে নতুন দিল্লীত উপস্থিত হ’ব লাভলীনা বৰগোহাঁই।

পুৱা ১১ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব স্বৰ্ণ বিজেতা নীৰজ চোপ্ৰা, অসম গৌৰৱ লাভলীনা বৰগোহাঁই।

নতুন দিল্লীত উষ্ম আদৰণি জনোৱা হ’ব অলিম্পিকজয়ী অসম তনয়াক।

কেউজন অলিম্পিক পদক লাভ কৰোতাক মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত সন্মানিত কৰা হব।

সন্ধিয়া ৫ বজাত অনুষ্ঠিত হব এই বিশেষ অনুষ্ঠান।

উল্লেখ্য যে, লাভলীনাই প্ৰথম অলিম্পিকতে ব্ৰঞ্জৰ পদক লাভ কৰি অসমক বিশ্ব দ্বৰৱাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

১১ আগষ্টত প্ৰধানমন্ত্ৰীক সাক্ষাতৰ সম্ভাৱনা লাভলীনাৰ।

১৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ মৰ্মে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব লাভলীনা।

অলিম্পিকত পদকজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোহাঁই।

Leave a Comment