fbpx
অসমীয়াৰাষ্ট্ৰীয়

অদ্ভূত কৌশল! পাপৰৰ পেকেটৰ ভিতৰত ওলাল লাখ লাখ টকাৰ বিদেশী মুদ্ৰা, বিমান বন্দৰত গ্ৰেপ্তাৰ যাত্ৰী

নিউজ ডেস্কঃ এক অদ্ভূত কৌশল অৱলম্বন কৰি বৃহৎ পৰিমানৰ আমেৰিকান ডলাৰ সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ হ’ল এগৰাকী বিমান যাত্ৰী।

জানিব পৰা মতে, বেংককলৈ যাবলৈ দিল্লী বিমান বন্দৰত উপস্থিত হোৱা যাত্ৰীজনে পাপৰৰ পেকেটত অতি কৌশলেৰে কঢ়িয়াই নিছিল কেইবালাখ টকা মূল্যৰ আমেৰিকান ডলাৰ।

image 21

বিমান বন্দৰত নিয়মিত তালাচীৰ সময়ত যাত্ৰীজনৰ পাপৰ ভৰ্তি বেগটোৰ ওপৰত নিৰাপত্তাৰক্ষীৰ সন্দেহ ওপজাত তালাচী চলোৱাৰ সময়তহে ওলাই পৰে জোলোঙাৰ মেকুৰী।

পাপৰৰ পেকেটত প্ৰতিখন পাপৰৰ জাপৰ ভাজে ভাজে যাত্ৰীজনে ভৰাই নিছিল আমেৰিকান ডলাৰৰ। তালাচীৰ পিছত যাত্ৰীজনৰ পৰা মুঠ ১৫ লাখ টকা মূল্যৰ আমেৰিকান ডলাৰ উদ্ধাৰ কৰা হৈছে।

image 22

ইফালে যাত্ৰীজনক গ্ৰেপ্তাৰ কৰি চিআইএছএফ ৰক্ষীৰ দ্বাৰা পৰৱৰ্তী সময়ত ইমিগ্ৰেশ্যন বিভাগৰ হাতত চমজাই দিয়া হয়। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰখা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!