অসম

অখিল গগৈৰ কথাৰ কি মূল্য আছে! তেওঁ দিনত এটা কয়, ৰাতি এটা কয়ঃ প্ৰদ্যুৎ বৰদলৈ

উপ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া।

দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাটো খাটাং বুলি মন্তব্য কৰাৰ পিছত ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ নেতাই উভতি ধৰিছে অখিল গগৈক।

সোমবাৰে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, অখিল গগৈক কোনোমতেই কংগ্ৰেছে বিশ্বাসত লোৱা নাই আৰু লোৱাৰ সম্ভাৱনাও নাই৷

সোমবাৰে সাংসদ বৰদলৈয়ে গুৱাহাটীত এখন সংবাদমেলত কয় যে, অখিল গগৈৰ দৰে মানুহ এজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া তেওঁ আচলতে দিবই নিবিচাৰে। অখিল গগৈৰ কথাৰ কি মূল্য আছে! তেওঁ দিনত এটা কথা কয়, ৰাতি এটা কয়।

লগতে তেওঁ কয়- উপ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি সকলো বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছো। কিন্তু তাত বিজেপিৰ বি টীম হৈ কাম কৰা কোনো ব্যক্তি বা দলৰ স্থান নাথাকিব।

আনহাতে তেওঁ উপ নিৰ্বাচনত কংগ্ৰেছে নিজৰ শক্তিৰে অকলেই অৱতীৰ্ণ হোৱাতো বিচাৰে বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *