অসম

অক্টোবৰৰ পৰা ৰাজ্যত পুনৰ খুলিব সকলো শিক্ষানুষ্ঠান- শিক্ষামন্ত্ৰীৰ ঘোষণা, সৱিশেষ চাওক…

অক্টোবৰৰ পৰা ৰাজ্যত পুনৰ খুলিব সকলো শিক্ষানুষ্ঠানসমূহ।

১ অক্টোবৰৰ পৰা নবম, স্নাতক, স্নাতকোত্তৰৰ পাঠদান আৰম্ভ হ’ব।

১৯অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকৈ আৰম্ভ হব পাঠদান।

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ পাঠদান অনুষ্ঠিত হ’ব।

প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম, বুধ আৰু শুক্ৰবাৰে হোৱাৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ’ব।

আনহাতে, ৰাজ্যত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈয়ো পাঠদান ১৯ অক্টোবৰৰ পৰাই আৰম্ভ হ’ব।

সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে ষষ্ঠ শ্ৰেণীৰ পাঠদান।

মঙল, বৃহস্পতি আৰু শনিবাৰে হ’ব সপ্তম শ্ৰেণীৰ পাঠদান।

বুধ, শুক্ৰবাৰ আৰু শনিবাৰে হ’ব অষ্টম শ্ৰেণীৰ পাঠদান।

উচ্চ প্ৰাথমিক বিদ্যালয় সমূহৰ হোষ্টেল সমূহ পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত খোলা নহ’ব বুলি চৰকাৰৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলে পাঠদানৰ সময়ৰ লগতে, মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল কঠোৰভাৱে পালন কৰা ইত্যাদি দিশবোৰ পৰ্যবেক্ষণ কৰিব লাগিব বুলিও অসম চৰকাৰৰ নিৰ্দেশনাত উল্লেখ আছে।

প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ হ’লেও অৱশ্যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো সম্পূৰ্ণ ব্যক্তিগত বিষয় কোনো শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ত উপস্থিত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব।

বিদ্যালয়ত পাঠদান অনুষ্ঠিত হ’লেও বিদ্যালয়ৰ ভিতৰত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।

এটা শ্ৰেণীত একেসময়ত ৩০ জনতকৈ যাতে অধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিত নাথাকে সেই কথা নিশ্চিত কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে।

নৱম শ্ৰেণীৰ পাঠদান ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ক্ৰমে ৬ অক্টোবৰ আৰু ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব।

একাদশ শ্ৰেণীৰ পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব।

বিদ্যালয়ত পাঠদান কৰা সকলো শিক্ষক-কৰ্মচাৰীকে ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button