তিনিচুকীয়া ৰে’ল ষ্টেচনত বয়ােজ্যেষ্ঠ লােকৰ প্ৰাণৰক্ষা কৰি প্ৰশংসিত RPF জােৱান

নিউজ ডেস্ক। এক নিশ্চিত অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল তিনিচুকীয়া ৰে’ল ষ্টেচন।

ৰে’ল ষ্টেচনত এৰিবলৈ লােৱা ৰে’লত উঠিবলৈ গৈ বিপদত পৰা এজন বৃদ্ধৰ প্ৰাণৰক্ষা কৰিলে প্লেটফ’ৰ্মত কৰ্তব্যৰত এজন ৰে’লৱে আৰক্ষীৰ হেড কনিষ্টবলে।

এনে সাহসিকতাৰ বাবে দেশজুৰি উচ্চ প্ৰশংসা লাভ কৰিছে এ বি সিকদাৰ নামৰ জোৱানজনে।

vlcsnap-2021-12-12-12h08m45s775

উল্লেখ্য যে শনিবাৰে ১৫৬੦৩ নং গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছে ষ্টেচনৰ পৰা ৰাওনা হােৱাৰ সময়তে এজন বয়ােজ্যেষ্ঠ লােকে ৰে’লখনত উঠিবলৈ চেষ্টা কৰে।

কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ ট্ৰেনখনৰ দবাৰ গেটৰ হেণ্ডেলত ধৰাৰ পাছতে পৰি যায় আৰু ট্ৰেনখনে লােকজনক টানি নিয়ে।

Whats-App-Image-2021-12-12-at-5-03-04-PM

এ বি সিকদাৰ, আৰ পি এফৰ হেড কনিষ্টবল

এই দৃশ্য প্ৰত্যক্ষ কৰে প্লেটফৰ্মত কৰ্তব্যৰত এ বি সিকদাৰ নামৰ আৰ পি এফৰ হেড কনিষ্টবলজনে।

জােৱানজনে সাহস আৰু সতৰ্কতাৰে লােকজনক ধৰি নিৰাপদে ৰক্ষা কৰে।

এই সমগ্ৰ ঘটনা ৰে’ল ষ্টেচনখনৰ চিচিটিভি কেমেৰাত বন্দী হয়।

এই ঘটনাৰ ভিডিঅ’ তিনিচুকীয়া ৰে’ল ষ্টেচন কৰ্তৃপক্ষই প্ৰকাশ কৰাৰ পাছতে সৰ্বত্ৰে প্ৰশংসা লাভ কৰে সাহসী জােৱানজনে।

সামাজিক মাধ্যমতাে বিভিন্ন জনে জােৱানজনৰ কাৰ্যক উচ্চ প্ৰশংসা কৰিছে।

উত্তৰ পূব সীমান্ত ৰে’লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে এই বিষয়ে কয় যে জােৱানজনৰ সাহসিকতা প্ৰশংসনীয়। তেওঁৰ বাবেই এক নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰে তিনিচুকীয়া ৰে’ল ষ্টেচন।

লগতে চাওকঃ

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদৰ পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Leave a Comment