fbpx
অসম

NDFBৰ নামত শিক্ষকক ২০ লাখ টকা দাবী, আৰক্ষীৰ জালত দুই যুৱক

NDFBৰ নামত শিক্ষকক ধন দাবী কৰি আৰক্ষীৰ জালত দুই যুৱক।

বঙাইগাঁৱত NDFBৰ নামত দুই যুৱকে এঘৰাকী শিক্ষকক দাবী কৰিছিল ২০ লাখ টকা।

ধৃত যুৱকদ্বয় উত্তৰ বঙাইগাঁৱৰ শালবাগানৰ অভিজিত সৰকাৰ (২০) আৰু মিণ্টু ৰায় (২০ ) বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, দুদিন ধৰি যুৱকদ্বয়ে ফোনযোগে অহৰহ ধন দাবী কৰি আহিছিল শিক্ষকজনক।

যাৰ থকাৰ ফলত শিক্ষকজনে এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত কৰি যুৱক দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে যুৱকদ্বয়ৰ পৰা মোবাইল ফোন আৰু স্কুটী এখনো জব্দ কৰে৷

বঙাইগাঁও সদৰ থানাত সম্প্ৰতি দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!