fbpx
অসমঅসমীয়া

GMCH ত মৃত ৰোগীৰ ঔষধ সংগ্ৰহ- বিক্ৰী কৰি গ্ৰেপ্তাৰ কৰ্মচাৰী দীপু দাস

নিউজ ডেস্ক। ৰােগীক ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা চিকিৎসা সামগ্ৰী ক্ৰয় কৰাৰ নামত সংঘটিত ভয়ংকৰ কেলেংকাৰিৰ মাজতে এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটা ৰােগীৰ ঔষধ সংগ্ৰহ আৰু বিক্ৰীৰ সৈতে জড়িত এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত কৰ্মচাৰী জনৰ নাম দীপু দাস।

এই কৰ্মচাৰীজনে দীৰ্ঘদিনৰ পৰা হাস্পতালখনৰ ঔষধৰ অবৈধ ব্যৱসায় চলাই অহাৰ উপৰি মৃত ৰোগীৰ ঔষধৰ লগতে অন্য ৰোগীৰ নামত হাস্পতালখনৰ কেন্দ্ৰীয় ঔষধালয়ৰ পৰা বিনামূলীয়া ঔষধ সংগ্ৰহ কৰি ব্যৱসায় চলাই আছিল।

G3

এই অভিযােগৰ সত্যতা প্ৰমাণ যোৱাৰ পিছতে কৰ্মচাৰীজনক হাস্পতাল কর্তৃপক্ষই পৰা নিলম্বিত কৰিছে।

GMCH ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰা অনুসৰি, বিশাখা বৰ্মন নামৰ ৰোগীগৰাকীৰ অভিভাৱক স্বপন বৰ্মনক জোৰ-জুলুমকৈ দীপু দাসে ১০০০ টকাৰ ঔষধ বিক্ৰী কৰিছিল। নিজৰ গাড়ীৰ পিচফালে লুকুৱাই ৰখা ঔষধ এনেদৰে বিক্ৰী কৰা বিষয়টো লগে লগে স্বপন বৰ্মনে অধীক্ষকগৰাকীক অৱগত কৰে। ইয়াৰ পিছত এই সন্দৰ্ভত সোধা- পোছা কৰাত দীপু দাসে উক্ত কার্যত জড়িত হৈ থকা বুলি স্বীকাৰোক্তি দিয়ে।

লগে লগে তেওঁ দীপু দাসক চি এন চেণ্টাৰৰ পৰা নিলম্বন কৰাৰ লগতে ভঙাগড় থানাত এজাহাৰ দাখিল কৰা হয়।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দীপু দাসক গ্ৰেপ্তাৰ কৰে।

Related Articles

Back to top button