অসম

GMC নিৰ্বাচনঃ ৪২ নং ৱাৰ্ডত আপ(AAP)ৰ প্ৰাৰ্থী মাচুমা বেগমৰ জয়লাভ…

২২ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।

পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি।

GMC নিৰ্বাচনত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা আম আদমী পাৰ্টীলৈও আহিছে আশাৰ খবৰ।

শেহতীয়া তথ্য অনুসৰি ৪২ নং ৱাৰ্ডত জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী।

Image

আপৰ প্ৰাৰ্থী মাচুমা বেগমৰ জয় লাভ।

জয়লাভ কৰি সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমে।

তেওঁ কয়- ‘মই ধৰ্মৰ ৰাজনীতি নকৰোঁ, কৰ্মৰ ৰাজনীতি কৰিম।’

উল্লেখ্য যে, ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

তাৰ ভিতৰত বিজেপিৰ ৫০ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, অসম গণ পৰিষদৰ ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী।

৯ বছৰৰ মূৰত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button